আফগানিস্তানত চৰকাৰ ঘোষণা হোৱাৰ পাছতে দিল্লীত চিআইএ প্ৰধানৰ স’তে আলোচনা অজিত ডোভালৰ

NSA Ajit Doval Russia NSA

মঙলবাৰে তালিবান চৰকাৰ ঘোষণা কৰিছে । তাৰ কিছু ঘণ্টাৰ পাছতেই দিল্লীত আমেৰিকাৰ চোৰাংচোৱা প্রধান উইলিয়াম বার্নছৰ স’তে বৈঠকত মিলিত হয় ভাৰতৰ ৰাউ নিৰাপত্তা উদেষ্টা অজিত ডোভাল । কিহৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয় সেই বিষয়ে কোনো আভাস পোৱা নাই যদিও এইটো স্পষ্ট যে, তালিবান যে আগান্তুক দিনত চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু সেয়ে আন্তর্জাতিক নিৰাপত্তাত প্রভাৱ পেলাব পাৰে বুলি শংকা কৰিয়ে দুই বন্ধু দেশে এই বিষয়ত পাৰস্পৰিক বুজাপৰাৰ মাজেৰে যাব বিছাৰিছে ।

তালিবানে ইতিমধ্যে কাশ্মীৰক লৈ মুখ খুলিছে । তেওঁলোকৰ পৰৱর্তী লক্ষ্য কাশ্মীৰৰ ‘মুক্তি’, বুলি সকীয়নিও দিছে । ফলত জম্মু-কাশ্মীৰত নিৰাপত্তাৰ বিষয়টোক বার্নছ আৰু ডোভালৰ আলোচনাৰ অন্যতম আলোচ্য হ’ব পাৰে বুলিও অনুমান কৰা হৈছে । ইতিমধ্যে তালিবানক বার্তা দি নতুন দিল্লীয়ে আশা প্রকাশ কৰিছে, আফগানিস্তানৰ ভূমিক সন্ত্ৰাস কার্যকলাপৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি নিদিয়ে তালিবানে ।

আন্তর্জাতিক মহলত তালিবানে নিজৰ নতুন ৰূপ দাঙি ধৰাৰ চেষ্টা কৰিছে । সকলোৰে সহযোগিতাও বিচাৰিছে । কিন্তু তেওঁলোকৰ এই আশ্বাসত ভৰসা কৰিব পৰা নাই বহু দেশে । বিশেষকৈ আমেৰিকা আৰু ভাৰতে । সেয়ে দুই দেশৰ মাজত এই আলোচনা যথেষ্ট তাৎপর্যপূর্ণ বুলি মত পোষণ কৰে বিশেষজ্ঞসকলে ।

তালিবান ক্ষমতাত অহাত চীন আৰু পাকিস্তানৰ বহু সুবিধা হৈছে বুলি মত বিশেষজ্ঞসকলৰ । ভাৰতৰ স’তে দুই দেশৰ ‘বৈৰিতা’ দীর্ঘ দিনৰ । তেনেতেই আফগানিস্তানৰ চৰকাৰ গঠনত পাকিস্তানৰ হক্কানি জংঘীগোষ্ঠীৰ গুৰুত্বপূর্ণ ভূমিকা আছে বুলি আন্তর্জাতিক পর্যবেক্ষকসকলৰ মত । যি ভাৰতৰ বাবে শংকাৰ বিষয় ।

কিয়নো, এই হক্কানি গোষ্ঠীয়েই ভাৰতত সন্ত্ৰাস তৎপৰতাত সহায় কৰিব পাৰে বুলি ধাৰণা বহুজনৰ । লগতে আল কায়দায়ো তালিবানৰ সহায়ত স্বমূৰূপত ঘূৰি অহাৰ চেষ্টা কৰিছে । আফগানিস্তানৰ চৰকাৰ গঠনত পাকিস্তানৰ অতিসক্রিয়তাই নতুন দিল্লীৰ চিন্তা অধিক বঢ়াইছে ।

Exit mobile version