গোসাইগাৱঁত কাৰ্যবাহী সদস্যৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্থ ,চালক-সুৰক্ষা কৰ্মী আহত

গোসাঁইগাঁৱত বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদাৰ কনভয়ৰ এখন গাড়ী আজি বিয়লি দুৰ্ঘটনাগ্ৰস্থ হোৱাত চালক আৰু এগৰাকী সুৰক্ষা কৰ্মী আহত হয় ৷

আহত চালকগৰাকী গোসাইগাঁও সদৰ চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ অৰ্জুন বসুমতাৰী (২৮) আৰু সুৰক্ষা কৰ্মীজন ভৃগু বৰ্মন বুলি চিনাক্ত কৰা হৈছে ৷

তথ্য অনুসৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কোকৰাঝাৰৰ পৰা গোসাইগাঁও মহকুমাৰ তেলিপাৰাত এখন দলীয় সভাত অংশগ্ৰহন কৰিবলৈ যাঁওতে হঠাৎ আগফালৰ পৰা অহা এখন গাড়ীক ৰক্ষা কৰিবলৈ যাওতে কনভয়ৰ এ এছ ১৬ এফ/৬৯৪১ নম্বৰৰ বলেৰো গাড়ীখন সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিলত ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰন হেৰুৱাই খাৱৈত বাগৰি পৰে ৷

ফলত গাড়ীৰ চালক আৰু এগৰাকী সুৰক্ষা কৰ্মী আহত হয় ৷ আহত সকলক ৰাইজে ততাতৈয়াকৈ গোসাঁইগাঁও আৰ এন বি চিকিৎসালয়লৈ লৈ যায়।

Exit mobile version