বিশ্বনাথ জিলাৰ ‘অভিভাৱক মন্ত্ৰী’ আৰু অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰীকাই আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক বৈঠকত বিভিন্ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
বিশ্বনাথ চাৰিআলি আৰু গহপুৰ চহৰৰ মাজত হোৱা শোচনীয় পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে চাৰি লেন যুক্ত পথ নিৰ্মাণৰ প্ৰকল্পটো সম্পূৰ্ণ নোহোৱালৈকে বৰ্তমানৰ পথছোৱা যাতায়তৰ সুচল অৱস্থাত ৰাখিব লাগে।
হাজৰীকাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড(এনএইচআইডিচিএল)ক বৰ্তমানৰ পথছোৱাত তৎক্ষণাৎ মেৰামতিৰ কাম কৰিবলৈ নিৰ্দেশ জাৰি কৰে যাতে যাত্ৰীসকলে যাত্ৰাপথত অসুবিধাৰ সন্মুখীন নহয়।
মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ উপায়ুক্তক কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰিবৰ বাবে নিয়মীয়াকৈ পথছোৱা পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এনএইচআইডিচিএল-ক চাৰি লেনৰ কাম ত্বৰান্বিত কৰিবলৈও কয়। জিলাখনত লোক নিৰ্মাণ বিভাগৰ (পি ডব্লিউ ডি) অধীনত প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা (পিএমজিএছৱাই)ৰ অধীনত উচ্চ মানদণ্ডৰ পথ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে।
তেওঁ কয় যে চৰকাৰে কামৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে আৰু ঠিকাদাৰসকলকো সেই অনুসৰি নিৰ্দেশনা জাৰি কৰিব লাগে।ইয়াৰ লগতে তেওঁ কয়, “যদি ৰাইজ কামৰ মানদণ্ডত সন্তুষ্ট নহয়, চৰকাৰে নিষ্ক্ৰিয় হৈ বহি নাথাকিব। নিম্ন মানদণ্ডৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব,”
মন্ত্ৰী হাজৰীকাই বিভিন্ন পথ প্ৰকল্পৰ অধীনত কামৰ মানদণ্ডৰ অধিক মূল্যায়ন কৰিবলৈ অহা ১৫ দিনৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ স’তে আন এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰি হাজৰীকাই কয় যে সংশ্লিষ্ট বিভাগে নিশ্চিত কৰিব লাগে যে আঁচনিখনৰ অধীনত কোনো যোগ্য হিতাধিকাৰীয়ে লাভাম্বিত হোৱাৰ পৰা যাতে বাদ নপৰে। লগতে জিলাখনত জল জীৱন মিছন (জেজেএম)ৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰে যাতে ২০২৪ৰ ভিতৰত প্ৰতিটো পৰিয়ালক পানীৰ সংযোগ প্ৰদান কৰিব পৰা যায়।