কলগাছিয়াৰ শওঁপুৰত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া

 কলগাছিয়া-কৰাৰকুৰৰ গড়কাপ্তানি পথলৈ খহনীয়াৰ ভাবুকি, চৰকাৰ-জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

বৰপেটা জিলাৰ কলগাছিয়াৰ শওঁপুৰত বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি ৪২টা পৰিয়ালে ঘৰ-মাটি-ভেটি সমস্ত হেৰাই পথৰ ভিক্ষাৰীত পৰিণত হৈছে ।

নদীৰ গৰাৰ পৰা মাত্ৰ চাৰি মিটাৰ নিলগত আছে কৰাৰকুৰৰ পৰা কলগাছিয়ালৈ যোৱা গড়কাপ্তানি পথটো ।

শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰিলে খুব কম সময়ৰ ভিতৰত পথটো নদীৰ বুকুত জাঁহ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকে গৰাখহনীয়াত সৰ্বস্বান্ত হোৱাৰ প্ৰমাণপত্ৰ, পুনৰ সংস্থাপন আৰু আৰ্থিক সাহাৰ্য্য কামনা কৰিছে ।

এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন মহলে দাবী জনাইছে ।

Exit mobile version