কচুগাওঁৰ বন সুৰক্ষাৰ অভিযানত ২৭ টা শালৰ কুণ্ডা সহ এজন আটক

326d8a18 1829 441f b2e0 db1e5be1064e

সেউজ অসম গঢ়াৰ পৰিকল্পনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ কচুগাওঁ শানফান ৰেঞ্জ বিষয়া আৰু বড়োলেণ্ড বন সুৰক্ষা কৰ্মীৰ সহযোগত অভিযান চলাই ২৭ টা শালৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷

তথ্য অনুসৰি, এক গোপন সুত্ৰৰ পম খেদি শানফান ৰেঞ্জৰ বিষয়া সুভাষ চন্দ্ৰ মুছাহাৰী নেতৃত্বত যোৱা অভিযানকাৰী দলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাটগাওঁ টোলগেটত AS-01L- 5718 নম্বৰৰ চেণ্ট্ৰ চাৰিচকীয়া বাহনৰে চোৰাং ভাবে সৰবৰাহ থকা সময়ত সঞ্জয় মুছাহাৰী (২৭)ক আটক কৰে।

বন বিষয়াৰ সুত্ৰত আটকাধীন যুৱক জন উত্তৰ গুৱাবাৰী পাটগাওঁ কোকৰাঝাৰ জিলাৰ নিৱাসী ডণ্ডা মুছাহাৰী পুত্ৰ সঞ্জয় মুছাহাৰী বুলি সদৰি কৰিছে ৷

Exit mobile version