৯/১১-ৰ বৰ্ষপূৰ্তিত প্ৰকাশ পালে ‘মৃত’ আল কায়দা প্ৰধান জাৱাহিৰিৰ নতুন ভিডিঅ’ !

21 09 11 Zawahiri references Jan 1 attack in Raqqa

৯/১১ আক্ৰমণৰ ২০তম বর্ষপূর্তিত আল কায়দা প্রধান আল জাৱাহিৰিৰ এটা ভিডিঅ’ক লৈ হুলস্থূল লাগিছে আন্তর্জাতিক মহলত । অসুস্থতাৰ বাবে যাৰ মৃত্যুৰ খবৰ পোৱা গৈছিল, সেই জাৱাহিৰিক ভিডিঅ’ বার্তা দিয়া দেখা গৈছে । ৬০ মিনিটৰ সেই ভিডিঅ’ প্রকাশ কৰিছে আল কায়দাৰ মুখপত্র আছ-সাহাবে ।

অ’ছামা বিন লাদেনৰ পাছত আল কায়দাৰ প্রধান হয় জাৱাহিৰি । দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰাই তেওঁ অন্তৰ্ধান হৈ আছিল । ২০২০-ত হঠাৎ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰে । অসুস্থতাৰ বাবে আল কায়দা প্রধানৰ মৃত্যু হৈছে বুলিও প্রচাৰ হয় । তাৰ পাছৰ পৰা তেওঁৰ কোনো ভিডিঅ’ বা তেওঁৰ সম্পর্কে কোনো তথ্যই প্ৰকাশ নাপায় ।

কিন্তু ৯/১১ বর্ষপূর্তিৰ দিনাই আল কায়দা প্রধানৰ ভিডিঅ’ প্ৰকাশ কৰিলে আছ-সাহাবে । পুৱাৰ পৰাই টেলিগ্রাম চেনেলে প্র’ম’ চালাই আছিল আছ-সাহাবে । ইয়াৰ পাছতেই আল কায়দাৰ ভৱিষ্যতক লৈ জাৱাহিৰিৰ ৮৫২ পৃষ্ঠাৰ এটা লেখা প্রকাশ কৰে আল কায়দা মুখপত্র‌ই । বহীখনৰ প্রকাশ কৰাৰ পাছতেই ভিডিঅ’টো প্ৰকাশ কৰে তেওঁলোকে ।

ভিডিঅ’ত দেখা গৈছে, ২০২০-ত নিহত আল কায়দা সন্ত্ৰাসবাদীসকলক স্মৰণৰ লগতে প্রশংসাও কৰিছে জাৱাহিৰিয়ে । সম্পূৰ্ণ ভিডিঅ’টোত মাত্র এবাৰে আফগানিস্তানৰ বর্তমান পৰিস্থিতিৰ বিষয়ে কয় জাৱাহিৰিয়ে । সেই বিষয়ত তেওঁ কয়, দীর্ঘ ২০ বছৰ যুদ্ধৰ পাছত আমেৰিকা পৰাস্ত হৈছে । আফগানিস্তান ত্যাগ কৰি সম্পূৰ্ণভাৱে গুচি গৈছে ।

Exit mobile version