আগন্তুক শৰৎ-শীতকালত বৃদ্ধি পাব ভাইৰাছৰ প্ৰকোপ, ন ন প্ৰজাতিয়ে সৃষ্টি কৰিছে নতুন প্ৰত্যাহ্বানৰ

115033548 gettyimages 1226314512

ক’ভিড পৰিস্থিতিৰ অন্ধকাৰ ফালি পােহৰৰ সন্ধান বিচৰাসকলৰ বাবে এক বেয়া খবৰ। অহা তিনিৰ পৰা ছমাহৰ ভিতৰত ক’ভিড- ১৯ৰ ক্ষেত্ৰত ভাল খবৰৰ বাবে দেশবাসীয়ে অপেক্ষা কৰিছিল যদিও বিজ্ঞানীসকলে কয় যে এই কালছােৱাতাে ক’ভিডৰ আক্ৰমণ অব্যাহত থকাৰহে সম্ভাৱনা আছে ।

পুনৰ ক’ভিডৰ আক্রমণে সমগ্র জীৱন যাত্রা ভয়াৱহভাৱে প্ৰভাৱিত কৰিব বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত বিশেষজ্ঞ মহলে কয় যে বিশ্বজুৰি বাৰে বাৰে ক’ভিডৰ আক্রমণ অব্যাহত আছে। আসন্ন শৰৎ আৰু শীতকালত পুনৰ ক’ভিডৰ আক্ৰমণৰ আশংকা প্রকাশ কৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ উপদেষ্টা মাইকেল অষ্টাৰহােমে।

কৰ’না ভাইৰাছে প্রতিজন লােককে স্পর্শ নকৰা পর্যন্ত ক’ভিড বীজাণুৰ ন ন ৰূপান্তৰে সংক্ৰমণৰ সোঁত অব্যাহত ৰাখিব আৰু একেদৰে বিশ্বজুৰি টিকাকৰণৰ যুঁজ অব্যাহত থাকিব। বিশ্বজুৰি এতিয়া বহু কোটি মানুহে টিকা লাভ কৰা নাই। সেয়েহে ক’ভিডমুক্ত হােৱাৰ সুযােগ তেনেই ক্ষীণ।

শ্ৰেণীকোঠা, ৰাজহুৱা পৰিবহণ আৰু কর্মস্থলীত আগন্তুক মাহবােৰত অধিক প্রাদুর্ভাৱৰ শংকা থকা বুলি কয় বিশেষজ্ঞ অষ্টাৰহােমে। বিশ্বজুৰি পুনৰ তলাবন্ধ প্রত্যাহাৰ কৰি মুকলিৰে বিভিন্ন দেশে অর্থনৈতিক পুনৰুত্থানৰ চেষ্টা কৰি থকাৰ সময়তে এনে পৰিস্থিতিয়ে বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিব।

ক’ভিড প্ৰতিৰােধৰ হাৰ বৃদ্ধি পাব যদিও এনে লােক সদায়ে থাকিব যাৰ অহৰহ ক’ভিড বীজাণুৰ দ্বাৰা আক্রান্ত হােৱাৰ সম্ভাৱনা অতি প্রবল। কৰ’না ভাইৰাছক বনজুইৰ স’তে তুলনা কৰি তেওঁ কয় যে প্রতিজন মানুহকে আক্রমণৰ চেষ্টা ই অব্যাহত ৰাখিব। উল্লেখ্য যে ভয়াৱহ প্রথম টৌ আৰু তুলনামূলকভাৱে টিকাকৰণৰ হাৰ অধিক যদিও আমেৰিকা, ব্রিটেইন, ৰাছিয়া আদিৰ দৰে দেশে অভিলেখ সংখ্যক সংক্ৰমণৰ ভুক্তভােগী হৈছে।

টিকাকৰণে মৃত্যুৰ হাৰ ৰােধ আৰু জটিল সংক্রমণ ৰােধ কৰিছে যদিও সংক্রমণ বৃদ্ধি পােৱাৰ অৰ্থ হৈছে তৰুণ প্রজন্ম আৰু এই পর্যন্ত টিকাকৰণৰ অন্তর্ভুক্ত নােহােৱাসকল এই বীজাণুৰ বলি হােৱাটো। এনে লােকসকলৰ মাজত গুৰুতৰ ৰূপ ধাৰণ কৰিব ক’ভিড ভাইৰাছে। মালয়েছিয়া, মেক্সিকো, ইৰান আৰু অষ্ট্রেলিয়াৰ দৰে কম পৰিমাণৰ টিকাকৰণ হােৱা ৰাষ্ট্রসমূহে এতিয়া ভয়াৱহ ক’ভিডৰ সংক্ৰমণৰ মাজ অৱস্থাত আছে।

তদুপৰি ডেল্টা প্রজাতিয়ে এই ভয়াৱহতাত ইন্ধন যােগাইছে। এই পর্যন্ত নিয়ন্ত্ৰণৰ বাহিৰত থকা ক’ভিড ভাইৰাছৰ আন এক নতুন প্রজাতিৰ আত্মপ্রকাশৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞই কয়। ইতিহাসৰ অভিজ্ঞতাৰ পৰা সৃষ্টি হােৱা সাধাৰণ বিশ্বাস অনুসৰি যিকোনাে বীজাণু সময়ৰ গতিত ক্রমশ দুর্বল হৈ পৰে বুলি কোৱাটো শুদ্ধ নহয়। তাৰ পৰিৱর্তে ডেনমার্কৰ ৰস্ককিল্ডে বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ল’ন ছাইমনছেনৰ মতে, পূর্বৱর্তীতকৈ নতুন প্রজাতি সদায়ে অধিক ভয়াৱহ নহয় যদিও অতিমাৰীৰ
সময়ত অতিমাৰীবােৰ বহু বেছি মাৰাত্মক হ’ব পাৰে।

কিয়নাে ভাইৰাছটোৱে ইয়াৰ নতুন ৰূপৰ স’তে পৰিচিত হৈ পৰে। আৰম্ভণিতে ধাৰণা কৰা হৈছিল যে সৰুতে পলিঅ’ প্রতিষেধক গ্রহণ কৰি ইয়াৰ আক্ৰমণৰ পৰা আজীৱন পৰিত্ৰাণ পােৱাৰ দৰেই ক’ভিডৰ ক্ষেত্ৰতাে একেই হ’ব। অৱশ্যে শেহতীয়া পৰিস্থিতিয়ে ভিন্ন তথ্য দাঙি ধৰিছে। এইমর্মে ক’ভিড হ’ব পাৰে ফুৰ দৰে, য’ত প্রতিষেধক নিয়মীয়াভাৱে লৈ থাকিব লাগিব। কিছুমান বিশেষজ্ঞই কয় যে ছাছ-ক’ভ-২ প্রথম প্রজন্মৰ প্রতিষেধকৰ দ্বাৰা কোনােমতে ৰােধ কৰিব পৰা নাযায়।

অলপতে প্রকাশ পাবলগীয়া জাপানৰ এক প্রতিবেদন দাঙি ধৰা তথ্য অনুসৰি ক’ভিডৰ বর্তমান প্রজাতিবােৰ টিকাকৰণেও ৰােধ কৰিব নােৱাৰিব পাৰে। মৃত্যুৰ হাৰাে অধিক হ’ব পাৰে। অৱশ্যে এনে নহ’ব বুলি আশা প্রকাশ কৰে ছাইমনছেনে। এই ক্ষেত্ৰত প্রশ্ন উত্থাপন হৈছে যে কিদৰে অন্ত পৰিব ক’ভিডৰ। এই কথা স্পষ্ট হৈ পৰিছে যে আগন্তুক ছমাহত ইয়াৰ অন্ত নপৰে। বিশ্বজুৰি ৯০ৰ পৰা ৮৫ শতাংশ লােকে প্ৰতিৰােধ ক্ষমতা লাভ কৰিলেহে ইয়াৰ অন্ত পৰিব।

Exit mobile version