মাস্ক পৰিধান নকৰা লােকৰ পৰা ৬৬ কোটি টকাৰ জৰিমনা সংগ্রহ মহাৰাষ্ট্ৰত

11ebb2fa 9f3c 11eb aa67 d1e615859831 1618636698831

উৎসৱৰ বতৰ হােৱা হেতুকে আনদিনতকৈ গণেশ চতুর্থীৰ সময়ছােৱাত মহাৰাষ্ট্ৰত যথেষ্টসংখ্যক লােকে ৰাজহুৱা স্থানত ভিৰ কৰিছিল। ফলত বহু লােকে ক’ভিড বিধিও উলংঘন। কৰিছিল।

ক’ভিড বিধি উলংঘন কৰা ব্যক্তিৰ বিৰুদ্ধে বৃহন মুম্বাই পৌৰ নিগম (বি এম চি) আৰু মুম্বাই আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে।

প্রকাশিত বাতৰি অনুসৰি, মাস্ক পৰিধান নকৰা লােকৰ বিৰুদ্ধে অভিযান চলাই বি এম চি, ৰেল আৰক্ষী আৰু মহাৰাষ্ট্র আৰক্ষীয়ে মুঠ ৬৬,৫৭,৫৩,৪০০ টকাৰাে অধিক জৰিমনা সংগ্রহ কৰে।

যােৱা ১০ ছেপ্টেম্বৰৰ পৰা মুম্বাইসহ মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত গণেশ পূজা আৰম্ভ হৈছিল আৰু উৎসৱৰ বতৰত প্রশাসনে ক’ভিড বিধি পালনৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিছে।

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যােৱা ফেব্ৰুৱাৰীৰ পৰা মাস্ক পৰিধান নকৰা লােকৰ বিৰুদ্ধে চলােৱা অভিযানত চাৰি লাখ ৫৫ হেজাৰৰাে অধিক লােকক জৰিমনা বিহা হৈছিল। এইসকল লােকৰ পৰা ন কোটি ১০ লাখ টকাৰ জৰিমনা। আদায় কৰা হৈছিল। উত্তৰ মুম্বাইত সর্বাধিকসংখ্যক মাস্ক পৰিধান নকৰা লােকক জৰিমনা বিহা হৈছিল।

Exit mobile version