মৌচুমীৰ বিদায়, ২১ শতাংশ বৰষুণ হ্ৰাস

উৎকট গৰমে দহিছে অসম, বছৰৰ অস্বাভাৱিক পৰিৱৰ্তনত মাধমাৰ সকলো উৎপাদন ক্ষেত্ৰত

139545 chuosvsaxd 1586155253

পাৰিপাৰ্শ্বিকতা ৰক্ষাত চৰকাৰ তথা জনসাধাৰণৰ উদাসীনতাৰ বিৰূপ প্ৰভাৱ ৰাজ্যত‌ স্পষ্ট হৈ পৰিছে । আবতৰীয়া উষ্ণতা বৃদ্ধি, বৰষুণ অত্যধিক হ্ৰাস আদিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰিছে । চলিত বৰ্ষত অসমত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণ । ইতিমধ্যে অসমৰ পৰা মৌচুমী বায়ুৱে বিদায় লৈছে । মৌচুমীৰ প্ৰভাৱত বৰ্ষা ঋতুত অসমত প্ৰচুৰ বৰষুণ হয়; কিন্তু এইবেলি ৰাজ্যত বৰষুণ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে । প্ৰতি বছৰে উপৰ্যুপৰি বানপানীয়ে অসমক আঘাত হানে ।

এইবাৰ মজলীয়া এটা বানপানীয়েহে ৰাজ্যৰ একাংশ অঞ্চলক চুই যায় । সেয়াও অৰুণাচল আৰু ভূটানত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবেহে হৈছিল বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ । বৰষুণৰ পৰিমাণ বৃহৎ হাৰত হ্ৰাসৰ ফলত অসমে আগন্তুক দিনকেইটাত বৰষুণ নিৰ্ভৰ উৎপাদন ক্ষেত্ৰবোৰত প্ৰবল প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাটো নিশ্চিত হৈছে ।

উল্লেখ্য যে অসমত এপ্ৰিলৰ পৰাই বৰষুণৰ বতৰ আৰম্ভ হয়; কিন্তু আৰম্ভণিৰে পৰা ৰাজ্যত বৰষুণৰ পৰিমাণ এইবাৰ যথেষ্ট হ্ৰাস হয় । আনকি বাৰিষাও ৰাজ্যৰ বহু অঞ্চলত সৃষ্টি হয় খৰাং সদৃশ পৰিস্থিতিৰ । ইয়াৰ ফলত কৃষকসকলৰ মূৰত ৰামটাঙোনৰ কোব পৰিছে । বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা পহিলা জুনৰ পৰা আজিলৈকে অসমত স্বাভাৱিক বৃষ্টিপাতৰ পৰিমাণ হ’ব লাগে ১,৫৪৪.৩ মিলিমিটাৰ । তাৰ বিপৰীতে এইবাৰ বৰষুণ হয় ১,২২১.৪ মিলিমিটাৰ । তদুপৰি ৰাজ্যৰ সকলো অঞ্চলতে সমপৰিমাণৰ বৰষুণ নহ’ল ।

উক্ত সময়ছোৱাত সামগ্ৰিক বৰষুণৰ পৰিমাণ এইবাৰ ২১ শতাংশ হ্ৰাস হয় বুলি সদৰী কৰে কেন্দ্ৰটোৰ বিজ্ঞানী সঞ্জয় শ্ব‌ই । বৰষুণৰ পৰিমাণ হ্ৰাস আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে বিগত পাঁচ দিনত অসমত তাপমাত্ৰা ৩৭ ডিগ্ৰীলৈ বৃদ্ধি হয় । অথচ ছেপ্টেম্বৰৰ আৰম্ভণিৰ পৰা স্বাভাৱিক দিনত নিশাৰ ভাগত সাধাৰণভাৱে শীতৰ অনুভৱ হ’বলৈ ধৰে; কিন্তু সেই পৰিৱেশ এইবাৰ সলনি হৈছে । শীতৰ আৰম্ভণিৰ অনুভূতিও বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনত সম্প্ৰতি হেৰাই গৈছে ।

প্ৰসংগক্ৰমে উল্লেখ যে অসম আৰু মেঘালয় অঞ্চলত বিগত ২০১০, ২০১১, ২০১৩, ২০১৬, আৰু ২০১৮তো বৃষ্টিপাতৰ পৰিমাণ স্বাভাৱিকতকৈ কম হৈছিল । ২০২০ত স্বাভাৱিকতকৈ বেছি বৰষুণ হৈছিল ৰাজ্যখনত । তাৰ বিপৰীতে এইবাৰ বৰষুণৰ মাত্ৰা যথেষ্ট হ্ৰাস হোৱাটো উদ্বেগৰ বিষয় বুলি বতৰ বিজ্ঞান কেন্দ্ৰই মন্তব্য কৰে ।

বৰষুণ হ্ৰাসৰ প্ৰভাৱ ইতিমধ্যে ৰাজ্যৰ উৎপাদন ক্ষেত্ৰত ব্যাপকভাৱে পৰিছে । এইবাৰ নৈ, বিল, পথাৰ আদিত পৰ্যাপ্ত পানী নথকাৰ বাবে মাছৰ উৎপাদনত মাধমাৰ পৰিছে । বৰপেটা জিলাৰ মৎস্যপালক সমবায় সমিতিয়ে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি কয় যে, যিখিনি সময়ত বাঢ়নি পানীত মাছৰ স্বাভাৱিক বংশ বৃদ্ধি হ’ব লাগিছিল সেই সময়তে পানীৰ অভাৱ হয় । ফলত মাছৰ বংশবৃদ্ধিত বাধাৰ সৃষ্টি হয় । ইয়াৰ ফলত নৈ, বিল আদিত এইবাৰ মাছ উৎপাদন পূৰ্বৰ তুলনাত হ্ৰাস পোৱাটো নিশ্চিত ।

একেদৰে শালি খেতিৰ সময়ত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট দিছে । প্ৰসংগক্ৰমে উল্লেখ্য যে ৰাজ্যৰ একাংশ জিলাত ২০ শতাংতকৈও অধিক কম হাৰত বৰষুণ হয় । গোলাঘাট জিলাৰ দুটা ৰাজহ চক্ৰত খৰাঙৰ প্ৰভাৱ পৰিব বুলি ৰাজ্য চৰকাৰৰ তথ্যত প্ৰকাশ । তেনেদৰে ওদালগুৰি আৰু তিনিচুকীয়া জিলাৰো বৃহৎ অঞ্চলত খৰং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰা হৈছে । এনে পৰিৱেশত ৰাজ্যত এইবাৰ ধানৰ উৎপাদন হ্ৰাসৰ আশংকা কৰিছে কৃষি বিভাগে ।

খৰাং সদৃশ পৰিস্থিতিয়ে ৰাজ্যৰ চাহ উদ্যোগতো মাধমাৰ শোধাইছে । এই সন্দৰ্ভত নৰ্থ ইষ্ট টি এছ’চিয়েচনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয় যে প্ৰধানকৈ মাৰ্চৰ পৰা মে’লৈকে সৃষ্টি হোৱা খৰাং সদৃশ পৰিস্থিতিয়ে চাহ বাগিচাসমূহক মাধমাৰ শোধায় । এই সময়ছোৱাত চাহ গছত নতুন কলি ওলায় । তাৰ বাবে সকলো চাহ উৎপাদকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে; কিন্তু সেইখিনি সময়তে এইবাৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ।

Exit mobile version