আফগানিস্তানলৈ ৬৪ নিযুত ডলাৰৰ আর্থিক সাহায্য ঘােষণা আমেৰিকাৰ

106935462 16304183352021 08 31t133953z 1932720083 rc2bgp9zqh7p rtrmadp 0 afghanistan conflict airport taliban

তালিবানে দখল কৰাৰ পাছৰে পৰা আফগানিস্তানত চৰম অর্থনৈতিক সংকট অব্যাহত আছে। দেশখনত সম্প্রতি খাদ্য আৰু অন্যান্য জীৱনদায়ী সামগ্ৰীৰ যথেষ্ট অভাৱ ঘটিছে।

এনে পৰিস্থিতিতে মানৱতাৰ খাতিৰত আফগানিস্তানলৈ ৬৪ নিযুত ডলাৰৰ সাহায্য প্রদানৰ কথা ঘােষণা কৰিলে আমেৰিকাই। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ সাহায্যৰ বাবে আগবাঢ়ি আহিবলৈ ৰাষ্ট্ৰসংঘই সকলাে দেশক ইতিমধ্যে আহ্বান জনাইছে।

ৰাষ্ট্ৰসংঘৰ এই আহ্বানৰ পাছতে ৱাশিংটনে আফগানিস্তানৰ বাসিন্দাসকললৈ আর্থিক সুবিধা প্রদানার্থে বিত্তীয় সাহায্য প্রদানৰ কথা ঘােষণা কৰে। জ’ বাইডেন প্রশাসনে ৬৪ নিযুত ডলাৰৰ সাহায্য আফগান জনতালৈ আগবঢ়াব।

Exit mobile version