বিষাক্ত প্রকৃতি, অন্ধকাৰ ভৱিষ্যৎ! তৰুণ প্রজন্মই নিবিচাৰে সন্তান

ভাৰত-আমেৰিকাসহ ১০ দেশৰ সমীক্ষাত উদ্বেগজনক তথ্য

500

সন্তানক প্রাকৃতিকভাৱে লালন-পালন কৰাটো ভৱিষ্যতে আৰু সহজ নহ’ব। কিয়নাে যি হাৰত এই পৃথিৱীৰ বায়ু বিষাক্ত হ’বলৈ ধৰিছে, এনে পৰিস্থিতিত আগন্তুক প্রজন্মৰ বাবে এই ধৰা বসবাসৰ উপযােগী হৈ নাথাকিব। এনে বিপদৰ কথা অৱগত হােৱাৰ পাছতাে কিদৰে পৃথিৱীলৈ আদৰা সম্ভৱ সন্তানক? সেয়েহে বিশ্বৰ তৰুণ প্রজন্মৰ প্রতি ১০ জনৰ ভিতৰত চাৰিজনে বিচৰা নাই ভৱিষ্যতে সন্তান জন্ম দিবলৈ।

তেওঁলােকে নিবিচাৰে বংশগতিৰ ধাৰা আগুৱাই নিবলৈ। বিচৰা নাই এই ধৰাত নিজৰ উত্তৰাধিকাৰী। কিয়নাে সেই অধিকাৰ পালন কৰাৰ পৰিস্থিতিত আগন্তুক আৰু ইয়াৰ পৰৱর্তী প্রজন্মৰ শিশুসকলৰ মাজত নাথাকিব বুলি বিশ্বাস কৰিছে এই বিশ্বৰ তৰুণ প্রজন্মৰ ৪০ শতাংশই।

এইসকল যুৱক-যুৱতীৰ বয়স হৈছে ১৬ৰ পৰা ২৫ বছৰৰ ভিতৰত। জলবায়ু পৰিৱৰ্তনক লৈ যুৱ প্ৰজন্মৰ উদ্বেগৰ সন্দৰ্ভত শেহতীয়াভাৱে ভাৰত, অষ্ট্রেলিয়া, আমেৰিকা আৰু ব্রিটেইনসহ ১০ খন দেশৰ তৰুণ প্রজন্মৰ (১৬-২৫ বছৰ বয়সীয়া) লােকক সামৰি চলােৱা সমীক্ষাত এই উদ্বেগজনক তথ্য লাভ কৰা হৈছে। সমীক্ষাৰ ভিত্তিত প্রস্তুত কৰা গৱেষণা পত্ৰখন প্রকাশ পাব আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘দ্য লেনছেট প্লেনেটাৰি হেলথ’ত।

মঙলবাৰে এই সমীক্ষাৰ প্রতিবেদন অনলাইনত প্রকাশ পালে।.গৱেষণাপত্ৰৰ শিৰােনাম হৈছে ইয়ং পিপলছ ভয়েচেছ অন ক্লাইমেট এংজাইটি, গৱৰ্ণমেন্ট বিট্রেয়াল এণ্ড মৰেল ইনজুৰি : এ গ্ল’বেল ফেন’মেনন’। বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত তৰুণ প্রজন্মৰ উদ্বেগক লৈ পূর্বে এনে বৃহৎ পৰিসৰত সমীক্ষাভিত্তিক গৱেষণা কৰা হােৱা নাছিল। গৱেষণামূলক অধ্যয়নটো সম্পন্ন কৰিলে অক্সফ’র্ড হেলথ এন এইচ এছ ফাউণ্ডেচন ট্রাষ্টসহ আমেৰিকা, ব্রিটেইন আৰু ইউৰােপৰ একাধিক বিশ্ববিদ্যালয়ে।

গৱেষকসকলে এই অধ্যয়নত উল্লেখ কৰা মতে, জলবায়ু পৰিৱর্তনৰ দ্রুতগতিক আগন্তুক এক-দুই দশকত বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশসমূহে লেকাম লগাব পাৰিব বুলি আধুনিক বিশ্বৰ তৰুণ প্রজন্মই সমূলি বিশ্বাস নকৰে। বৰঞ্চ বর্তমান বিশ্বৰ সৰহসংখ্যক ১৬-২৫ বছৰ বয়সীয়া যুৱ প্ৰজন্মৰ ধাৰণা অনুসৰি ৰাষ্ট্ৰসমূহৰ ব্যর্থতা, গাফিলতি, উদাসীনতা আৰু উদ্দেশ্যপ্রণােদিত কাম-কাজৰ ফলতে ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধি পাইছে আৰু আগন্তুক দশকতাে অধিক বৃদ্ধি পাব।

সেয়েহে জলবায়ু পৰিৱর্তনৰ গতি হ্রাস কৰাটো সম্ভৱ নহ’ব বুলি বিশ্বৰ এইসকল যুৱ প্রজম্মই বিশ্বাস কৰে। উষ্ণতা বৃদ্ধিৰ লগতে বর্ধিত প্ৰদূষণৰ ফলত আগন্তুক আৰু ইয়াৰ পৰৱর্তী প্রজন্মৰ শিশুসকলৰ ভৱিষ্যৎ বহুলভাৱে প্ৰভাৱিত হ’ব বুলি শংকা প্রকাশ কৰিলে অধ্যয়নটোত অংশ লােৱা যুৱক-যুৱতীসকলে। এইসকল যুৱক-যুৱতীয়ে বর্তমানৰ পৰিস্থিতিৰ বাবে পূর্বৰ প্রজন্মকো জগৰীয়া কৰিছে।

সমীক্ষাত অংশ লােৱা তৰুণ প্রজন্মৰ তিনি-চতুর্থাংশই কয় যে অতি দ্রুত জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ ভৱিষ্যৎ অতি ভয়ংকৰ দিশলৈ গতি কৰিছে। দ্বিতীয়তে, তৰুণ প্রজন্মৰ অর্ধেকাংশই ধাৰণা কৰে যে আসন্ন বিপদৰ পৰা ৰক্ষা পােৱাৰ সুযােগ পূর্বৰ প্ৰজন্মৰ তুলনাত বৰ্তমানৰ প্ৰজন্মৰ হাতত তেনেই সীমিত। তৃতীয়তে, জলবায়ু পৰিৱর্তনৰ ফলত দৈনন্দিন কাম-কাজ, জীৱিকা, জীৱন আৰু সম্পত্তিৰ যি ক্ষয়-ক্ষতি হৈছে, তাক লৈও সমীক্ষাটোত অংশ লােৱা তৰুণ প্রজন্মৰ প্ৰায় অর্ধেকাংশই উদ্বেগ প্রকাশ কৰিজ্ঞে।

বসবাসৰ অনুপযােগী হৈ অহা এই বিশ্বত সেয়েহে ১৬-২৫ বছৰ বয়সীয়া ৪০ শতাংশ তৰুণ প্রজন্মই ভৱিষ্যতে সন্তানৰ পিতৃত্ব-মাতৃত্ব অর্জন কৰিব বিচৰা নাই। সন্তানক এই বিষাক্ত পৃথিৱীৰ স’তে পৰিচয় কৰাবলৈ ইচ্ছুক নহয় আধুনিক বিশ্বৰ এইসকল যুৱ প্ৰজন্মই। সন্তানহীন জীৱনকে উত্তম বিবেচনা কৰিছে বিশ্বৰ ৪০ শতাংশ আধুনিক তৰুণ প্রজন্মই।

Exit mobile version