সেৰফানগুৰী সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা সম্পন্ন

a31bff6f 9cfd 4f14 92d7 268543dfc8db

কোকৰাঝাৰ জিলাৰ সেৰফানগুৰীৰ সমবায় সমিতিৰ কাৰ্যালয়ৰ চৌহদত সেৰফানগুৰী সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা সম্পন্ন হয়।

ৰাজেন্দ্ৰ বসুমাতাৰীৰ সভাপতিত্বত উক্ত সভাখন অনুষ্ঠিত হয়। উক্ত বছৰেকীয়া সাধাৰণ সভাতেই বিগত বছৰৰ হিচাপ নিকাচৰ লগতে সমবায় সমিতিখন অধিক উন্নত কৰিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাৰ অন্তত সমবায় সমিতিৰ চেয়াৰমেন ৰাজেন্দ্ৰ বসুমাতাৰীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে বিভিন্ন ধৰণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ লগতে সমবায় সমিতিৰ দ্বাৰাই এখন বেংক চলাই থকা হৈছে আৰু এই বেংকৰ দ্বাৰা তিনি লাখ টকাৰো অধিক লাভালাভ হৈছে বুলি সদৰি কৰে।

Exit mobile version