কাশ্মীৰ আৰক্ষীৰ ৯৫ শতাংশৰ শৰীৰত এন্টিবডী তৈয়াৰ, প্ৰকাশিত প্ৰতিবেদনত

jammu and kashmir 170819 pti 1612672148

জম্মু-কাশ্মীৰ আৰক্ষীৰ ৯৫ শতাংশ কর্মচাৰীৰ শৰীৰত কৰ’না ভাইৰাছৰ এন্টিবডী তৈয়াৰ হৈছে । এই হাৰৰ নিৰিখত উপত্যকাৰ স্বাস্থ্যকর্মী আৰু অন্যান্য সাধাৰণ মানুহতকৈও আগবাঢ়ি আছে আৰক্ষীসকল । কেন্দ্রশাসিত অঞ্চলটোৰ ১০খন জিলাজোৰি এটা সমীক্ষা চলাইছিল শ্রীনগৰৰ গভর্নমেন্ট মেডিকেল কলেজে । উক্ত গৱেষণাত এই তথ্য প্ৰকাশ পাইছে ।

কোনো সংক্রমণৰ ক্ষেত্রত জনসংখ্যাৰ যিমান শতাংশৰ ভিতৰত এন্টিবডিৰ উপস্থিতি পোৱা যায়, তাকে চেৰ’প্রিভেলেন্স বুলি কোৱা হয় । গভর্নমেন্ট মেডিকেল কলেজৰ কমিউনিটী মেডিচিন বিভাগৰ প্রধান ছেলিম খানে জনায়, উপত্যকাৰ আৰক্ষীবাহিনীৰ ক্ষেত্রত এই চেৰ’প্রিভেলেন্স ৯৫ শতাংশ । উপত্যকাৰ স্বাস্থ্যকর্মীসকলৰ মাজত এই হাৰ ৯১ শতাংশ ।

বিশেষজ্ঞসকলৰ মতে, এই হাৰৰ স’তে টিকাকৰণৰ বিষয়টোও প্ৰত্যক্ষভাৱে জড়িত হৈ আছে । জম্মু-কাশ্মীৰৰ আৰক্ষীবাহিনীৰ প্রায় ১০০ শতাংশৰেই টিকাকৰণ হৈ গৈছে ।

সমীক্ষাটোৰ দাবী, সম্প্ৰতি কাশ্মীৰ উপত্যকাত সাত বছৰ আৰু তাৰ ঊৰ্ধ্বৰসকলৰ মাজত চেৰ’প্রিভেলেন্স ৮৪ শতাংশ, যি ৰাষ্ট্ৰীয় হাৰ ৬৭ শতাংশতকৈও অধিক । এই বিষয়ত প্রশ্ন উত্থাপন হ’ব পাৰে, ভাৰতীয় জনতাৰ কৰ’নাৰ বিৰুদ্ধে ‘হার্ড ইমিউনিটী’ গঢ়ি উঠিছে বুলি ইংগিত দিছে নেকি সমীক্ষাটোৱে ? কাৰণ কোনো অঞ্চলৰ প্ৰায় ৬০ শতাংশ জনসংখ্যাৰ ৰোগ প্রতিৰোধ ক্ষমতা তৈয়াৰ হ’লে, ‘হার্ড ইমিউনিটী’ গঠন হোৱা বুলি ধৰি লোৱা হয় । যদিও এই বিষয়ত ৰাষ্ট্ৰীয় স্তৰত সাম্প্রতিক কোনো সমীক্ষা হোৱা নাই ।

তদুপৰি, কৰ’না ভাইৰাছৰ বিভিন্ন প্রজাতিৰ জৰিয়তে সংক্রমণ হোৱাৰ বাবে হার্ড ইমিউনিটীৰ তত্ত্বটো সম্প্ৰতি খুব এটা ভৰসা কৰা নাই বিশেষজ্ঞেসকলে । যোৱা জুলাইৰ সমীক্ষাটোৰ মতে, উপত্যকাত ৪৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ সকলৰ ক্ষেত্রত ৮৯ শতাংশৰ শৰীৰত এন্টিবডী তৈয়াৰ হৈছে । সাতৰ পৰা ১৮ বছৰ বয়সৰসকলৰ ভিতৰত এই হাৰ ৭৮ শতাংশ । ফলত উপত্যকাৰ কোনো কোনো অঞ্চলত বিদ্যালয় খুলিব পাৰি নে নাই তাক লৈও প্রশ্ন উত্থাপন কৰা হৈছে সমীক্ষাত ।

যোৱা মাহত পঞ্চমবাৰ চেৰ’ সমীক্ষা চলাইছিল বৃহন্মুম্বাই পৌৰসভাই । ২৪টা ৱার্ডৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ বাসিন্দাসকলৰ ৮৬৭৪টা নমুনা লোৱা হৈছিল এই সমীক্ষাৰ বাবে । মুঠ নমুনাৰ ৮৬.৬৪ শতাংশৰেই এন্টিবডী আছে । যিয়ে প্ৰতিষেধকৰ এটা বা দুটা ড’জ লৈছে, তেওঁলোকৰ ৯০.২৬ শতাংশৰ নমুনাত এন্টিবডী পোৱা গৈছে । যিসকলে টিকা লোৱা নাই, তেওঁলোকৰ ক্ষেত্রত এই হাৰ ৭৯.৮৬ শতাংশ ।

তাৎপর্যপূর্ণ যে, বাণিজ্যনগৰীৰ মহিলাসকলৰ ক্ষেত্রত চেৰ’প্রিভেলেন্স ৮৮.২৯ শতাংশ হোৱাৰ বিপৰীতে পুৰুষসকলৰ এই হাৰ যথেষ্ট পৰিমাণে কম, ৮৫.০৭ শতাংশ । সকলো অঞ্চলতেই চেৰ’প্রিভেলেন্স বাঢ়িছে ।

বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত কৰ’না সংক্রমিতৰ সংখ্যা বৃদ্ধি হৈ ৩৪ হেজাৰ অতিক্ৰম কৰিছে । অৱশ্যে মৃত্যুৰ হাৰ হ্ৰাস পাইছে ।

Exit mobile version