আফগানিস্তানত খুলিব বিদ্যালয়-মহাবিদ্যালয় ! পঢ়ক সবিশেষ

1024px Afghan students learn English

মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ ছেকেণ্ডাৰী বিদ্যালয় খুলিব আফগানিস্তানে । শনিবাৰে সেই সংক্রান্ত নির্দেশনা প্রকাশ কৰিছে তালিবান চৰকাৰে । সেই নির্দেশনাত স্থান পোৱা নাই মহিলাসকলে । কেৱল ছাত্র আৰু পুৰুষ শিক্ষক তদা শিক্ষাকর্মীসকলক বিদ্যালয়ত যোগ দিবলৈ কোৱা হৈছে ।

মূলতঃ ১৩ৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীসকল ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী । নির্দেশনাত তেওঁলোকৰ কথা উল্লেখ নথকাত হতাশ মহিলাসকল । যদিও তালিবানৰ মুখপাত্র জবিউল্লা মুজাহিদৰ বক্তব্য প্ৰকাশ কৰি স্থানীয় এক সংবাদমাধ্যমে জনায়, মহিলাসকলৰ বাবে পৃথক বিদ্যালয় খোলা হ’ব বুলি জনাইছে জবিউল্লাই ।

কিন্তু কেতিয়া খুলিব, খুলিব নে নাই, মহিলাসকলে ভবিষ্যতে স্কুলত পঢ়াৰ সুযোগ পাব নে নাই, তাক লৈ চিন্তিত সাধাৰণ নাগৰিক । ৯০ৰ দশকত তালিবানৰ ৰাজত্বত মহিলাসকলৰ বিদ্যালয়ত যোৱাৰ অনুমতি নাছিল । পৰৱর্তী দুই দশকত সেই পৰিস্থিতি বহু পৰিমাণে সলনি হৈছিল । নাৰীশিক্ষাৰ হাৰ প্রায় দ্বিগুণ হৈ ৩০ শতাংশ হৈছিল । প্রাথমিক স্কুলত পঢ়া মহিলাসকলৰ সংখ্যা শূন্যৰ পৰা ২৫ লআখ হৈছিল ।

তালিবানি শাসনৰ পূর্ণপ্রতিষ্ঠাত পুনৰ পিছ পৰিল মহিলাসকল । আন্তর্জাতিক সংবাদমাধ্যমত এজন আফগান স্কুল শিক্ষাৰ্থীয়ে জনায়, ‘‘অধিবক্তা হ’ব বিচাৰিছিলো । এতিয়া চাৰিও দিশে অন্ধকাৰ দেখিছো । প্রতিদিনে পুৱা উঠি নিজকে প্রশ্ন কৰো, এতিয়াও কিয় জীয়াই আছো । কোনোবাই দুৱাৰত আহি বিয়া কৰাবলৈ জোৰ দিয়াৰ অপেক্ষা কৰিছো নেকি ? জোৱালী হৈ জন্ম হোৱাৰ এইটোৱে মাত্ৰ লক্ষ্য নেকি ?’’

Exit mobile version