কোটিত বিক্রী হ’ল এক টকাৰ মুদ্ৰা, আপোনাৰ লগতো আছে নেকি এনে মুদ্ৰা ?

1632039916 new project 2021 09 19t124630 897

টকাত ১০ কোটি ! লটাৰী নহয়, এক নিলামত ভাৰতৰ এক টকা মুদ্ৰাৰ মূল্য দিয়া হৈছে ১০ কোটি টকা । মুদ্ৰাটো ১৩৬ বছৰ পুৰণি । ইয়াৰ পৰিধি এতিয়াৰ সাধাৰণ এক টকাৰ মুদ্ৰাতকৈ সামান্য ডাঙৰ । মুদ্রাটোৰ বিশেষত্ব হ’ল, ইয়াৰ এটা পিঠিত ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ ছবি খোদিত আছে । অন্য পিঠিত ইংৰাজী হৰফত লিখা ‘ৱান ৰুপি ইণ্ডিয়া ১৮৮৫’ ।

ভাৰতত ব্রিটিছ শাসনকাল ১৮৮৫ত মুম্বইৰ কোনো মিন্টত মুদ্ৰাটো বনোৱা হৈছিল বুলি অনুমান কৰা হৈছে । ইয়াৰ নবছৰ আগতেই ভাৰতীয় মুদ্রায সামান্য পৰিৱর্তন আহিছিল । মুদ্ৰাৰ ৰাণী ভিক্টোৰিয়াৰ পৰিৱৰ্তে লিখা হৈছিল সম্রাজ্ঞী ভিক্টোৰিয়া বা ‘ভিক্টোৰিয়া এমপ্রেছ’ । নিলামত দিয়া মুদ্ৰাটো সেই সময়ৰ ।

পুৰণি মুদ্ৰা, নোট বা বৈদেশিক মুদ্রা সংগ্ৰহ কৰাৰ চখ বহুতৰেই আছে । ইন্টাৰনেটত এই চখ পূৰণ কৰাৰ উপায়ো পোৱা যায় । বিভিন্ন ছাইটত পুৰণি মুদ্রা কিনা-বেচাৰ সুযোগ থাকে । তেনে ধৰণৰে এক ৱেবছাইটত নিজে সংগ্রহ কৰি থোৱা সেই মুদ্ৰাৰ ছবি প’ষ্ট কৰিছিল এজন সংগ্রাহকে । ইয়াৰ পাছতেই মুদ্ৰাটো ক্ৰয় কৰিবৰ বাবে সংগ্রাহকসকলৰ মাজত হেতাওপৰা লাগে ।

ইয়াৰ পূৰ্বে যোৱা জুন মাহত ১৯৩৩ৰ আমেৰিকাৰ এটা মুদ্ৰা এক কোটি ৮৯ লআখ ডলাৰত বিক্রী হৈছিল । ভাৰতীয় মুদ্রাত যাৰ মূল্য প্রায় ১৩৮ কোটিৰ সমান‌ ।

আপোনাৰ লগতো এনে মুদ্ৰা আছে নেকি ? পুৰণি সংগ্রহত সন্ধান চলাব পাৰে । পালে কোটিপতি হোৱাৰ সুযোগৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব ।

Exit mobile version