গোসাঁইগাঁৱৰ গ্ৰামাঞ্চলত বিশুদ্ধ পানী যোগান আঁচনি আছে কিন্তু উপলদ্ধ নহয় বিশুদ্ধ পানী

ফুলদানী লৈ পৰিণত ২ নম্বৰ শ্ৰীৰামপুৰত বিশুদ্ধ খোৱাপানী যোগান আঁচনি

জনতাক বিশুদ্ধ খোৱা পানী যোগানৰ নামত চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰি কোটি কোটি টকা খৰচ কৰি আহিছে যদিও বাস্তৱত গ্ৰাম্য অঞ্চলৰ জনতাই বিশুদ্ধ খোৱা পানী সেৱন কৰাৰ পৰা বঞ্চিত হৈ আহিছে । বিশুদ্ধ খোৱাপানী যোগান ধৰাত সম্পূৰ্ণৰূপে জনস্বাস্থ্য কাৰিকৰী বিভাগ ব্যৰ্থ হোৱাত গ্ৰাম্য অঞ্চলৰ জনসাধাৰণে বিশুদ্ধ পানীৰ বিপৰীতে দূষিত পানী সেৱন কৰি নানান ৰোগত আক্রান্ত হ’বলগীয়া হৈছে ।

ৰাজ্যৰ আন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ বহু অঞ্চলত তেনে ঘটনা সংঘটিত হোৱাৰ বাস্তৱ উদাহৰণ আছে ।
গোসাঁইগাঁও মহকুমাৰ অধীনস্থ পূৰ্বৰ আঁচনিসমূহ কাৰ্যক্ষম হৈ নথকাত আঁচনিসমূহ ইতিমধ্যে জহি-খহি বিধস্ত হোৱাৰ পাছত একেটা স্থানত পুনৰ নতুনকৈ জল জীৱন আঁচনি, মিছন-১০০, পাইপ পানী আঁচনি স্থাপন কৰিছে বিভাগে । কিন্তু পূৰ্বৰ একাধিক আঁচনিৰ দৰেই নতুনকৈ হাতত লোৱা আঁচনিবোৰো পূৰ্বৰ দৰেই ধ্বংসৰ দিশলৈ গতি কৰিছে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোসাঁইগাঁও স্থিত কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনস্থ ২ নম্বৰ শ্ৰীৰামপুৰত এখন পাইপ পানী যোগান আঁচনি আছে । বিগত সাত-আঠ বছৰ ধৰি ৰাইজে তেনে পাইপ পানী যোগান আঁচনিৰ পৰা পানী লাভ নকৰিলে । ফলত এখন উপযুক্ত আঁচনি থকাৰ পাছতো উক্ত আঁচনিখন বৰ্তমানে বগা হাতীত পৰিণত হৈছে । ৰঙচঙীয়া এখন আঁচনি থকাৰ পাছতো বিগত ৮-১০ বছৰে বিশুদ্ধ পানী লাভ নকৰিলে গাঁৱৰ ৰাইজে । যাৰ ফলত দূষিত পানীকে সেৱন কৰি বিভিন্ন ৰোগত ভুগিছে গঞা ৰাইজ ।

১০-১২ বছৰ পূৰ্বে পাইপ পানী যোগান আঁচনি স্থাপন কৰি ৰাইজক পানী যোগান ধৰাত ব্যৰ্থ হোৱা একেখন আঁচনিত ২০১৮ত মিছন-১০০ আঁচনি পুনৰ সংযোগ কৰি চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা খৰচ কৰাৰ পাছতো ৰাইজে এটোপাল বিশুদ্ধ পানী খাবলৈ লাভ কৰা নাই ।‌ দীৰ্ঘদিন ধৰি এই আঁচনিখন অচল হৈ থকাৰ ফলত আঁচনিখনত সংযোগ কৰা পাইপ, টেপ বিধস্ত হোৱাৰ লগতে পানীৰ ফিল্টাৰ, যন্ত্ৰপাতি আদি হাবি জংঘলে আগুৰি ধৰিছে ।

আঁচনিখনত মজুত কৰা লাখ লাখ টকাৰ সামগ্ৰী ৰদ বৰষুণত নষ্ট হৈ আছে অথচ বিভাগটোৰ কোনো ভ্ৰুক্ষেপ নাই । মিছন-১০০ আঁচনি সম্পূৰ্ণৰূপে বিফল হোৱাৰ পাছত এইখন ঠাইতে পুনৰ জলজীৱন আঁচনিৰ কাম নতুনকৈ কৰাৰ বাবে কামৰ ঠিকা দিয়া হৈছে । ঠিকাদাৰে ক্ষীৰতি গাই হিচাপে ব্যৱহাৰ কৰা এইবোৰ আঁচনি ৰূপায়ন কৰাৰ বাবে হেতাওপোৰা লগায় । এইখন আঁচনি ৰূপায়ন কৰাৰ বাবে দায়িত্ব লাভ কৰা ঠিকাদাৰজনে জল জীৱন আঁচনিৰ কামৰ ঠিকা লাভ কৰাৰ পাছত গাঁওখনৰ ঘৰে ঘৰে পানী সৰবৰাহ কৰাৰ বাবে পাইপৰ সংযোগ দিছে যদিও পাইপবোৰেদি পানী নিৰ্গত হোৱাৰ পূৰ্বেই পাইপসমূহ ভাঙি-ছিঙি যোৱা বুলি ৰাইজে অভিযোগ কৰিছে ।

পূৰ্বৰ একাধিক আঁচনিবোৰৰ দৰেই জল জীৱন আঁচনিটোৱে যে পানী যোগানত ব্যৰ্থ হ’ব সেয়া এইখন আঁচনিৰ নিন্মমানৰ কাম-কাজে প্ৰতীয়মান কৰিছে । উল্লেখ্য যে কেৱল এইখন আঁচনিয়ে নহয় গোসাঁইগাঁও মহকুমাৰ সকলোবোৰ আঁচনিত এনে দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি আছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলে । বিভাগীয় অভিযন্তা-বিষয়া তথা শাসক দলৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰসকলে ৰাইজৰ ওজৰ আপত্তি তথা সংবাদমাধ্যমকো কেৰেপ নকৰি নিজৰ লাভালাভৰ অংকত কামবোৰ কৰি আছে যাৰ ফলত সৰহভাগ কাম প্ৰাককলণ মতে হোৱা নাই বুলি প্ৰত্যক্ষ হৈছে । বিভাগীয় দুৰ্নীতিগ্ৰস্ত অভিযন্তা আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ অন্ত নপৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো এখন আঁচনি সফলভাৱে ৰূপায়িত নহ’ব বুলি সচেতন ৰাইজে অভিমত প্ৰকাশ কৰিছে ।

ঠিকাদাৰৰ হৈ ওকালতি কৰা অভিযন্তাসকলক বদলি কৰি সততাৰে কাম কৰাৰ মানসিকতা থকা অভিযন্তাক নিযুক্তি দিবলৈ গোসাঁইগাঁওবাসী ৰাইজে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

Exit mobile version