বিশিষ্ট আইনজীৱী নিলয় দত্তৰ দেহাৱসান

507c23a8 d7b7 4327 b378 540462e457a6

বিশিষ্ট আইনজীৱী নিলয় দত্তৰ দেহাৱসান।পুৱতি নিশা আঢ়ৈ বজাত শেষ নিশ্বাস ত্যাগ কৰে অধিবক্তা নিলয় দত্তই। কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্রান্ত হৈ আকস্মিক মৃত্যু হয় অধিবক্তাগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ স’তে আছিল পত্নী আৰু তেওঁৰ কন্যা। বেংগালুৰুতে আজি সম্পন্ন কৰা হ’ব নিলয় দত্তৰ অন্ত্যেষ্টিক্ৰিয়া।

নিলয় দত্ত আছিল অৰুণাচল প্ৰদেশ চৰকাৰৰ মহা অধিবক্তা। উচ্চতম ন্যায়ালয়তো ওকালতি কৰিছিল নিলয় দত্তই।

অসম ক্ৰিকেট এছ’চিয়েচনৰ সভাপতিও আছিল অধিবক্তাগৰাকী। লগতে একেৰাহে এগৰাকী কবি, সুলেখক আৰু ঔপন্যাসিক আছিল প্ৰয়াত নিলয় দত্ত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আম্পায়াৰো আছিল দত্ত।

Exit mobile version