‘এই আদালতত আস্থা নাই’, জাভেদ আখটাৰৰ মানহানিৰ গোচৰত উচ্চ ন্যায়ালয়ত কংগনা

KanganaRanaut JavedAkhtar 31120 1200 PTI

মানহানিৰ গোচৰত আদালতত মুখামুখি কংগনা ৰাণৌট আৰু জাভেদ আখটাৰ । হৃত্বিক-কংগনা বিচ্ছেদৰ বিষয়ত গীতিকাৰগৰাকীক কৰা কংগনাৰ মন্তব্যৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰিছিল জাভেদ আখটাৰে ।

কিন্তু এইবাৰ এই ঘটনাই ল’লে এটা নতুন গতি । প্ৰবীণ গীতিকাৰৰ বিৰুদ্ধে ‘ধন দাবী’ৰ অভিযোগ দাখিল কৰে কংগনাই ।

থালাইভিৰ অভিনেত্ৰীগৰাকীয়ে আজি আন্ধেৰী আদালতত মানহানিৰ গোচৰত জাভেদ আখটাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৮৩, ৩৮৪, ৩৮৭, ৫০৩, ৫০৬,৩৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত কংগনাই গীতিকাৰজনক আত্মহত্যা দলৰ সদস্য বুলি উল্লেখ কৰিছিল । জাভেদে তেতিয়া অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে তেওঁৰ ভাৱমূৰ্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল ।

কংগনা ৰাণৌটে যোৱা সপ্তাহত আদালতত হাজিৰ হোৱাৰ কথা আছিল । অৱশ্যে, তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে আহিব নোৱাৰিলে। কংগনাৰ অধিবক্তা ৰিজৱান ছিদ্দিকীয়ে আদালতক কয় যে কংগনা আৰু ভগ্নী ৰংগোলীক কোনো কাৰণ নোহোৱাকৈ জাভেদ আখটাৰৰ ঘৰলৈ মাতি অনা হৈছিল।

তেওঁলোককো তাত ভাবুকি দিয়া হৈছিল। কিন্তু আদালতে সেই সময়ত কোনো অভিযোগ দাখিল কৰা নাছিল।

কিন্তু কংগনাই আজি আন এখন আদালতত গোচৰটো আঁতৰাবলৈ আবেদন দাখিল কৰিছে। আদালতৰ সূত্ৰই কয় যে অভিনেত্ৰীগৰাকীৰ আবেদনৰ শুনানি এক অক্টোবৰত হ’ব।

যদি তেওঁ আদালতত হাজিৰ নহয় তেন্তে কংগনাৰ নামত গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰা হব বুলি জানিব পৰা গৈছে। কংগনাৰ অধিবক্তাই কয় যে আদালতৰ সংবাদ মাধ্যমৰ উপস্থিতি জনা স্বত্বেও, অভিনেত্ৰীগৰাকীক উপস্থিত হ’বলৈ নিৰ্দেশ দি ভাবমূৰ্তি কলুষিত কৰাৰ বাৰে বাৰে চেষ্টা কৰা হৈছিল। গতিকে গোচৰটো স্থানান্তৰ কৰিবলৈ আন এখন আদালতত আপীল দাখিল কৰা হৈছে ।

Exit mobile version