তিনিচুকীয়াত ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিভিন্ন আঁচনিৰ কাম কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ পাছতে বৰগুৰি পঞ্চায়তৰ সভাপতি ধৰ্মজ্যোতি বৰপাত্ৰ গোঁহাইৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়তৰ বিভিন্ন অভাৱ অভিযোগৰ লগতে এক অন্তৰংগ আলাপত মিলিত হয় মন্ত্ৰীগৰাকী ।

ইফালে, মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰি ইতিমধ্যে চৰকাৰখনে মূল্যবৃদ্ধি ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, চৰকাৰী আঁচনিৰ চাউলৰ ক’লা ব্যৱসায় সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ ।

চাউলৰ ক’লা ব্যৱসায় ৰোধৰ ক্ষেত্ৰত চৰকাৰে কাম কৰাৰ কথা উল্লেখ মন্ত্ৰী ৰঞ্জিত দাসৰ ৷

Exit mobile version