আফগানিস্তানত বিলুপ্তিৰ পথত সাংবাদিকতা

000 9HK7HY

তালিবান যিমানেই সংবাদমাধ্যমক স্বাধীনতাৰ আশ্বাস নিদিয়ক কিয়, আফগানিস্তানত সাংবাদিকতা যে ক্রমশঃ কঠিন হৈ উঠিছে, এইবাৰ সেই শংকা প্রকাশ কৰিলে ইন্টাৰনেচনেল ফেডাৰেচন অৱ জার্নেলিষ্টেও (আইএফজে) । সাংবাদিকৰ এই আন্তর্জাতিক সংগঠনৰ ছেক্রেটেৰী জেনেৰেলৰ শংকা, পৰিস্থিতি যি দিশে ঢাল খাইছে, অদূৰ ভৱিষ্যতে হয়তো আফগানিস্তানত সাংবাদিকতাৰ কোনো অস্তিত্ব নাথাকিব আফগানিস্তানত ।

কিছুদিন পূৰ্বে দেখা গৈছিল, মহিলা আৰু শিশুসকলৰ অধিকাৰৰ দাবীত পথত নমা এতিলাত-এ-ৰোজ সংবাদমাধ্যমৰ দুই সাংবাদিকক বিক্ষোভস্থলৰ পৰাই আটক কৰি তেওঁলোকৰ ওপৰত নৃশংস অত্যাচাৰ চলায় তালিবানে । প্রতিবাদৰ ছবি তোলাৰ বাবে আটক কৰা হৈছিল ট’ল’ নিউজৰ এজন চিত্র সাংবাদিককো ।

আইএফজে-ৰ ছেক্রেটেৰী জেনেৰেল এন্টনি বেলেংগাৰৰ বক্তব্য, বর্তমান সকলো বস্তুৰ ওপৰত নিয়ন্ত্রণ কৰিবলৈ উঠিপৰি লাগিছে তালিবান । আফগানিস্তানত কর্মৰত বিদেশী সাংবাদিকলো ইয়াৰ পৰা বাদ পৰে আ নাই ।

এন্টনিয়ে জনায়, বিদেশী সাংবাদিকসকলক অন্য ৰাষ্ট্রৰ গুপ্তচৰ বুলি ধাৰণা কৰিছে তালিবানে । সেয়ে স্বাধীনভাৱে কাম কৰাৰ সুযোগ দিয়াতো দূৰৰে কথা ক্রমে সংবাদমাধ্যমৰ ওপৰত তালিবানৰ নিয়ন্ত্রণ আৰু বাঢ়িব লৈছে । এই জীৱিকাত আৰু কোনো মহিলাক দেখা নাযাব বুলিও শংকা এন্টনিৰ । সম্প্ৰতি আফগানিস্তানত ১৩০০জন সাংবাদিক আছে । ইয়াৰ ভিতৰত মহিলাৰ সংখ্যা ২২০ গৰাকী ।

Exit mobile version