এক অক্টোবৰৰ পৰা কাৰ্ডৰ জৰিয়তে লেনদেনৰ নিয়ম সলনি, জানি লওক এইসমূহ নতুন নিয়ম..

ecommerce 2607114 1280 1629537496

এক অক্টোবৰৰ পৰা গ্ৰাহকসকলক ডেবিট, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কে’বাটাও পৰিৱৰ্তন আনিব ৰিজাৰ্ভ বেংকে । এই কাৰ্ডৰ জৰিয়তে, ফোন বিল, অ’টিটি-ৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে কাৰ্ডৰ জৰিয়তে টকা কৰ্তন কৰা হয় । এইবাৰ এনে লেনদেনত পৰিৱৰ্তন অনা হৈছে ।

ৰিজাৰ্ভ বেংকে জনাইছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা অন্যান্য কাৰ্ডৰ পৰা অট’ ডেবিটৰ ক্ষেত্ৰত, এইবাৰ গ্ৰাহকৰ অনুমতি আগতে ল’ব লাগিব । বেংক বা লেনদেন কোম্পানীবোৰে লেনদেনৰ ২৪ ঘণ্টা আগতে এছএমএছ বা ইমেইলযোগে গ্ৰাহকক জনাব লাগিব । সেই বাৰ্তাটোত, সকলো লেনদেনৰ তথ্য দিব লাগিব আৰু টকা কৰ্তন কৰাৰ কাৰণটোও লিখিব লাগিব ।

এছএমএছ বা ইমেইলৰ জৰিয়তে বাৰ্তাটো প্ৰাপ্ত কৰাৰ পাছত গ্ৰাহকে লেনদেনৰ অনুমতি দিলেহে বেংকে ‘স্বয়ংপৰিশোধ’ কৰিব পাৰে । এই সিদ্ধান্ত‌ই ‘অট’ ডেবিট’ প্ৰক্ৰিয়াটো সুৰক্ষিত আৰু সহজ কৰি তুলিব বুলি কোৱা হৈছে ।

এছএমএছ-ৰ জৰিয়তে বাৰ্তা লাভ কৰিবলৈ, গ্ৰাহকে সঠিক ম’বাইল নম্বৰ সংশ্লিষ্ট ডেবিট বা ক্ৰেডিট কাৰ্ডৰ স’তে সংযোগ কৰিব লাগিব । অন্যথা তেওঁলোকে সেই বাৰ্তা নাপাব ।

এই কাৰ্ডবোৰৰ জৰিয়তে অট’ ডেবিটৰ বাবে সৰ্বাধিক পাঁচ হেজাৰ টকা পৰিশোধ কৰিব পাৰি । বেংক বা লেনদেন কোম্পানীয়ে ইয়াৰ বাহিৰেও লেনদেনৰ বাবে গ্ৰাহকলৈ অ’টিপি প্ৰেৰণ কৰিব লাগিব । গ্ৰাহকে অনুমতি দিলেহে লেনদেন কৰিব পাৰি ।

Exit mobile version