গুৱাহাটী বিশ্ববিদ্যালয়ে ঘােষণাই নকৰিলে স্নাতক পঞ্চম-ষষ্ঠ যান্মাসিকৰ ফলাফল ,পহিলা অক্টোবৰৰ পৰা আৰম্ভ নতুন শিক্ষাবর্ষ

অগ্রণী শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ মেধাবী ছাত্র-ছাত্রী

227926 gauhati university

গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক সাহাটী বিশ্ববিদ্যালয় বৰ্ষৰ পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ফলাফল আজিকোপতি ঘােষণা নকৰাৰ ফলত দেশৰ অগ্রণী উচ্চ শিক্ষানুষ্ঠান অথবা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ হেজাৰ হেজাৰ মেধাৱী ছাত্র-ছাত্রী।

ADVERTISEMENT

ফলত ছাত্র-ছাত্রীৰ ভৱিষ্যতক লৈ শংকিত হৈছে অভিভাৱকসকল। উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)এ ক’ভিড পৰিস্থিতিত শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰু শৈক্ষিক বর্ষ সম্পর্কীয় নির্দেশনা প্ৰকাশ কৰিছিল আৰু ৩১ আগষ্টৰ ভিতৰত স্নাতক পৰীক্ষা সম্পূর্ণ কৰা,স্নাতকোত্তৰ নামভর্তি প্রক্রিয়া ৩০ ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত কৰি এক পৃষ্ঠাৰ পৰা এক অক্টোবৰৰ পৰা নতুন শৈক্ষিক বর্ষ আৰম্ভ কৰাৰ নির্দেশ দিছিল; কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ ষান্মাসিক স্নাতক বৰ্ষৰ ফলাফল এতিয়ালৈ ঘােষণা কৰা হােৱা নাই।

ফলস্বৰূপে দেশৰ বিভিন্ন প্রান্তত নামভৰ্তিৰ বাবে আবেদন জনােৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ স্নাতক পর্যায়ৰ ছাত্ৰ-ছাত্ৰীসকল সমস্যাত পৰিছে। ইউ জি চিৰ নিৰ্দেশাৱলীত ৩১ ডিচেম্বৰলৈ নথিপত্র জমা দি থাকিব পাৰিব বুলি ক’লেও দেশৰ বহু উচ্চ শিক্ষা প্রতিষ্ঠানে ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলাে নথি-পত্ৰ তথা পঞ্চম অথবা ষষ্ঠ ষান্মাসিকৰ মাৰ্কটি জমা দিয়াটো বিচাৰিছে।

জমা নিদিলে বহু মেধাসম্পন্ন ছাত্র-ছাত্রীয়ে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ লাভ কৰা আসনাে হেৰুৱাব। আই আই টি, বিশ্ব ভাৰতী, এন এল ইউ, জামিয়া মিলিয়া, পুনে বিশ্ববিদ্যালয়, ছাউথ এছিয়ান বিশ্ববিদ্যালয় আদিকে ধৰি দেশৰ অন্য বহু উচ্চ শিক্ষানুষ্ঠানে নথিসমূহ বিচাৰিছে।

উল্লেখ্য যে ৰাজ্যৰ হেজাৰ হেজাৰ মেধাসম্পন্ন ছাত্র-ছাত্রীয়ে সন্মুখীন হােৱা এনে জটিল সন্ধিক্ষণত ষ্টুডেন্ট ফেডাৰেচন অৱ ইণ্ডিয়াৰ অসম শাখাই বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক অতি শীঘ্ৰে ফলাফল ঘােষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনে সমস্যাত পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ কোষ স্থাপন কৰি সমস্যা সমাধান কৰিবলৈ দাবী জনায়।

বুধবাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক আৰু পঞ্জীয়কলৈ ইমেইলৰ জৰিয়তে স্মাৰকপত্র প্রেৰণ কৰি এছ এফ আই অসম শাখাৰ সম্পাদক নিৰংকুশ নাথে কয়, ‘অতি শীঘ্ৰে শেষবৰ্ষৰ ফলাফল ঘােষণা কৰক আৰু এক কোষ স্থাপন কৰি অগ্রণী শিক্ষানুষ্ঠানৰ স’তে যােগাযােগ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা কৰক।

তদুপৰি আইন পাঠ্যক্ৰমৰ বি এ এল এল বি আৰু এল এল বি দশম আৰু ষষ্ঠ ষন্মাসিকৰ পৰীক্ষা অতি শীঘ্ৰে অনুষ্ঠিত কৰক।’

Exit mobile version