UN : ১২ বছৰৰ ঊর্ধ্বৰসকলে ভাৰতত প্ৰস্তুত বিশ্বৰ প্রথম ডিএনএ টিকা গ্ৰহণ কৰিব পাৰিব : ৰাষ্ট্ৰসংঘত মোদী

september assembly minister nations narendra general addressing f2ce2ebe fff6 11ea ac80 07fcacbe9f14

ক্ষমতা কম হ’ব পাৰে, কিন্তু কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভাৰতে বিশ্বৰ সেৱাত নিয়োজিত । ৰাষ্ট্ৰসংঘত এইদৰে কয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । তেওঁ কয় যে, বিশ্বত প্রথম ডিএনএ টিকা ভাৰতেই প্ৰস্তুত কৰিছে । এই টিকা ১২ বছৰৰ ঊর্ধ্বৰ সকলোৱে ল’ব পাৰে । ভাৰতে এই টিকা ৰপ্তানি কৰিবলৈও প্রস্তুত বুলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ।

শনিবাৰে ৰাষ্ট্ৰসংঘত চতুর্থবাৰ বক্তৃতা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, ‘‘ভাৰতৰ ক্ষমতা সীমিত হ’ব পাৰে । কিন্তু ভাৰতে ‘সেৱাই পৰম ধর্ম’— এই নীতিত বিশ্বাসী । এই নীতিৰ আদর্শতে কৰ’না ভাইৰাছৰ টিকা প্ৰস্তুতৰ বাবে নিজৰ যাৱতীয় ক্ষমতা প্রয়োগ কৰিছে ভাৰতে ।’’ বিশ্বৰ প্রথম শাৰীৰ দেশবোৰক ভাৰতত টিকা প্ৰস্তুত কৰাৰ প্রস্তাৱো দিয়ে প্রধানমন্ত্রীয়ে ।

যোৱা মাহত ভাৰতে প্ৰস্তুত কৰা বিশ্বৰ প্রথম ডিএনএ টিকাক করৰ’না ভাইছৰ টিকা হিচাপে অনুমোদন দিছে নিৰাময় সংস্থা ডিচিজিএ-য়ে । জাইডাছ কেডিলাই প্ৰস্তুত কৰা এই টিকাৰ বিশেষত্ব হ’ল, ই কৰ’না ভাইৰাছৰ জিনগত বস্তুক ব্যৱহাৰ কৰিয়ে তাৰ প্রতিৰোধ কৰে । ভাইৰাছৰ এই জিনগত উপাদানে এনে কিছুমান প্র’টিন তৈয়াৰ কৰে যিয়ে মানৱদেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় । ৰাষ্ট্ৰসংঘত জাইডাছ কেডিলাই প্ৰস্তুত কৰা ডিএনএ টিকাৰ বিশদ ব্যাখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ডিএনএ টিকাৰ লগতে ভাৰত এম আৰএনএ টিকা তৈয়াৰৰ কাৰ্যতো চূড়ান্ত পর্যায়ত আছে । এই টিকা নাকেৰে ল’ব লাগে । এই টিকা প্ৰস্তুত কৰিবৰ বাবে অশেষ পৰিশ্রম কৰিছে আমাৰ দেশৰ বিজ্ঞানীসকলে ।’’

ৰাষ্ট্ৰসংঘৰ বক্তৃতাত শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশত পুনৰ টিকা ৰপ্তানিৰ কৰাৰ কথাও ঘোষণা কৰে । তেওঁ কয়, ‘‘মানৱসভ্যতাৰ প্রতি ভাৰতে তাৰ কর্তব্য পালন কৰি আহিছে । ইয়াৰ অংগ হিচাপে ভাৰতে এইবাৰ পুনৰ বিদেশত টিকা ৰপ্তানি আৰম্ভ কৰিব । যিসমূহ দেশক টিকাৰ প্রয়োজন তেওঁলোকক ভাৰতে টিকা দিব ।’’

শুকুৰবাৰে চতুর্দেশীয় ৰাষ্ট্র নেতাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, অক্টোবৰ শেষ হোৱাৰ আগতেই ৮০ লাখ কৰ’না টিকা ৰপ্তানিৰ অনুমোদন দিব ভাৰতে । মার্চতেই এই বিষয়ত চাৰি দেশ অষ্ট্ৰেলিয়া, জাপান, ভাৰত আৰু আমেৰিকাৰ মাজত এটা চুক্তি হৈছিল । সেই চুক্তিৰ চর্ত অনুযায়ীয়েই এই টিকা বিদেশত পঠাব ভাৰতে ।

Exit mobile version