এদিনতে ১৬হেজাৰ কোটিৰ আয় বৃদ্ধি আম্বানীৰ

mukesh ambani 1100x733 1

মাত্র এদিনতে ১৬ হেজাৰ কোটি টকাৰাে অধিক ধন উপার্জন কৰিলে ভাৰতৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত মুকেশ আম্বানীয়ে।বিলায়েন্স ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী আম্বানীয়ে যােৱা বৃহস্পতিবাৰে উপাৰ্জন কৰিছিল ভাৰতীয় মুদ্রাত প্রায় ১৬,৭৬৫ কোটি টকা।

ব্লুমবার্গ বিলিয়নেৰ সূচক অনুসৰি, বর্তমানে আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯৫.৪ বিলিয়ন ডলাৰ। লগতে আম্বানীৰ প্রতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ মূল্যও প্রায় ২.৪৩ শতাংশ বৃদ্ধি পালে। এই শ্বেয়াৰ বৃদ্ধিয়ে হৈছে আম্বানীৰ এদিনতে মুঠ সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ অন্যতম কাৰণ। বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত বর্তমানে আম্বানীৰ স্থান হৈছে ১১ সংখ্যক।

সম্প্রতি দৈনিক আয় বৃদ্ধিৰ ক্ষেত্ৰত আম্বানীয়ে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি তথা উদ্যোগপতি ৱাৰেন বাফেটকো অতিক্ৰম কৰিছে। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত বর্তমানে আছে টেছলাৰ মুৰব্বী এলন মাস্ক। মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২০৪ বিলিয়ন ডলাৰ। আনহাতে, দ্বিতীয় স্থানত থকা এমেজনৰ মুৰব্বী জেফ বেজ’ছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯৭ বিলিয়ন ডলাৰ।

Exit mobile version