Javed Akhtar : তালিবানৰে আৰ এছ এছক তুলনা কৰা জাভেদলৈ জাননী আদালতৰ

967986 javed akhtar

তালিবানৰ স’তে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ক তুলনা কৰি বিপদৰ সন্মুখীন হ’ল বলিউডৰ প্রতিষ্ঠিত গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ আখতাৰ।

ADVERTISEMENT

এইবাৰ প্রখ্যাত এই গীতিকাৰলৈ আইনী জাননী প্ৰেৰণ কৰিলে মহাৰাষ্ট্রৰ থানেৰ আদালতে। উল্লেখ্য যে কিছুদিন পূর্বে আখতাৰে মন্তব্য কৰি কৈছিল, ‘তালিবানসকল বৰ্বৰ, তেওঁলােকৰ কাম নিন্দনীয়।

যিসকল লােকে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ, বজৰং দলক সমর্থন কৰে তেওঁলােকো তালিবানৰ দৰে।’ আখতাৰৰ এই মন্তব্যৰ পাছতে আৰ এছ এছসহ হিন্দুত্ববাদী সংগঠনসমূহ জাঙুৰ খাই উঠিছিল।

এই সন্দৰ্ভত এজন লােকে থানেৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযােগ দাখিল কৰিছিল আৰু আদালতে আখতাৰক তেওঁৰ মন্তব্যৰ বাবে কাৰণ দর্শাবলৈ জাননী প্ৰেৰণ কৰিলে।

Exit mobile version