বিশ্বনাথৰ অন্যতম দুঃসাহসী ক্ৰীড়া সন্থা ‘নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছন’ চমুকৈ ‘নিঅ’ (NEAO)ই বিগত ১১ বছৰে বিভিন্ন দুঃসাহসী কাৰ্য তথা খেলৰে বিশ্বনাথ, অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে ।
বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট বেছ কেম্প ট্ৰেকিং, সৰ্বোচ্চ মটৰ চলিব পৰা পথ খাৰ্ডুংলা (১৮৩৮০ ফুট), লাডাখ, কাৰ্গিল আদিলৈ কে’বাবাৰো দুঃসাহসী মটৰচাইকেল যাত্ৰা কৰিছে । নৱ নিৰ্মিত সৰ্বোচ্চ মটৰ চলিব পৰা পথ উত্তৰাখণ্ডৰ মানাপাছ (১৮৩৯৯ ফুট), চুবুৰীয়া দেশ নেপাল, ভূটান, ম্যানমাৰৰ লগতে টাৱাং, বুমলা পাছ, মাঅদিয়া পাছ, মেছুকা আদিলৈ কে’বাবাৰো মটৰচাইকেল যাত্ৰা কৰিছে ।
ইয়াৰ উপৰিও, দুই শতাধিক যুৱক-যুৱতীক বিভিন্ন দুঃসাহসী ক্ৰীড়া যেনে – পৰ্বতাৰোহণ, পেৰা জাম্প, ট্ৰেকিং, ৰাফ্টিং, কায়াকিং, ৰিভাৰ ক্ৰছিং ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে । এই সন্থাৰ তৰফৰ পৰা প্ৰতি বছৰে কে’বাজনো যুৱক-যুৱতীয়ে অসম চৰকাৰৰ বিনামূলীয়া দুঃসাহসী ক্ৰীড়াৰ প্ৰশিক্ষণৰ লগতে সেনা আৰু আৰক্ষীৰ চাকৰি পাবলৈও সক্ষম হৈছে ।
তদুপৰি, নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছনৰ ৰয়েল এনফিল্ড মটৰচাইকেল আৰোহীৰ দলে প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ‘নৰ্থ ইষ্ট ৰাইডাৰ মিট’ চমুকৈ এন ই আৰ এম (NERM) নামৰ বৃহৎ এনফিল্ড আৰোহীৰ বছৰেকীয়া সন্মিলন অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে । সেই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক মটৰচাইকেল আৰোহী সন্থাৰ সহস্ৰাধিক আৰোহী একগোট হয় ।
এইবাৰ নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছনে অহা নৱেম্বৰৰ ২৭-২৮ তাৰিখে বিশ্বনাথত পোনপ্ৰথমবাৰৰ বাবে এন আৰ এম ‘নিঅ’ ৰাইডাৰ মিট’ নামেৰে ভাৰতৰ বিভিন্ন ঠাইৰ ৰয়েল এনফিল্ড আৰোহীৰ বাবে বিশেষ সন্মিলনী আয়োজন কৰিছে । অসম-অৰুণাচলৰ সীমান্তৱৰ্তী মনোৰম প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ ভৰাজুলি গাঁৱৰ কাষৰ পাহাৰীয়া-নৈপৰীয়া ঠাইত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰায় পাঁচ শতাধিক এণ্ডফিল্ড আৰোহীৰ উপৰিও নেপাল আৰু ভূটানৰ পৰাও আৰোহীৰ আগমন ঘটাৰ সম্ভাৱনা আছে ।
বিভিন্ন ধেমেলীয়া খেল, দুঃসাহসী খেল, থলুৱা খাদ্য, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ জৰিয়তে চুবুৰীয়া ৰাজ্যসমূহৰ লগত ভাতৃত্ববোধ আৰু গভীৰ হোৱাৰ উপৰিও বিশ্বনাথ তথা অসমৰ বিভিন্ন ঐতিহাসিক, প্ৰাকৃতিক ঠাইসমূহ বিশ্ব দৰবাৰত চিনাকি হ’ব । ইয়াৰ উপৰিও বিশ্বনাথৰ লগতে নিকটৱৰ্তী ঠাইসমূহ পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে ।
ইতিমধ্যে, সন্থাটোৰ সদস্যসকলে এই বৃহৎ অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । অতি শীঘ্ৰে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হ’ব ।