দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ‘কাট অফ্’ তালিকা প্ৰকাশ : জিছেছ এণ্ড মেৰী কলেজত বি এ (অনাৰ্ছ)-মনোবিজ্ঞানৰ ”কাট অফ্’১০০ শতাংশ নিৰ্ধাৰণ

BLOG how to motivate students

দিল্লী বিশ্ববিদ্যালয়ে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰথমখন ‘কাট অফ্’ তালিকা প্রকাশ কৰিলে। এই তালিকা অনুসৰি বিশ্ববিদ্যালয়খনৰ অধীনস্থ জিছেছ এম মেৰী কলেজত বি এ অনাৰ্ছ, মনােবিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিৰ নিম্নতম ‘কাট অফ্’ নম্বৰ হৈছে ১০০ শতাংশ।

‘কাট অফ্’ নম্বৰ লাভ কৰা ছাত্র-ছাত্রীয়ে কলেজলৈ নােযােৱাকৈ ৱেবছাইটৰ জৰিয়তে অনলাইনত নাম পঞ্জীয়ন কৰাব পাৰিব। এই পদ্ধতিৰে ছাত্র- ছাত্ৰীয়ে নিজৰ নামভর্তি প্রক্রিয়া সম্পন্ন কৰিব পাৰিব।

উল্লেখ্য যে ২০২১-২২ শৈক্ষিক বৰ্ষৰ বাবে দিল্লী বিশ্ববিদ্যালয়ে অনলাইন নামভর্তি প্রক্রিয়া গ্রহণ কৰিছে। এইবাৰ বিশ্ববিদ্যালয়খনৰ অধীনত বিভিন্ন মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৪,৩৮,৬৯৬ ছাত্র-ছাত্রীয়ে আবেদন দাখিল কৰিছিল।

Exit mobile version