AKRSU : কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন মানে কোচ ৰাজবংশীক কণা হাংহক পতান দিয়াৰ দৰে : কেশৱ ৰায়

বাগসা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

WhatsApp Image 2021 10 03 at 4.35.25 PM

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বাগসা জিলা সমিতিখন শক্তিশালী ৰূপত পুনৰ গঠন কৰা হয় ৷ স্মৰ্তব্য যে, যোৱা চাৰি ছেপ্তেম্বৰত বৰপেটা ৰোড প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায় আৰু কেশৱ ৰায়ে দীৰ্ঘদিনৰ পৰা নিষ্ক্ৰিয় ভূমিকা পালন কৰি থকাৰ কাৰণে বাগসা জিলা সমিতিখন ভংগ ঘোষণা কৰিছিল আৰু ইন্দ্ৰজীত ৰায়, অৰ্জুন দাস আৰু পবীন বৰ্মনক জিলা সমিতিখন গঠনৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল ৷

সেই মৰ্মে দুই অক্টোবৰত বাগসা জিলা আক্ৰাছুৰ অন্তৰ্গত কালপানী আঞ্চলিক সমিতিৰ উদ্যোগত কালপানী আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগণত বাগসা জিলা আক্ৰাছুৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ বাগসা জিলা আক্ৰাছুৰ উপদেষ্টা নিৰঞ্জন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখনত মুছলপুৰ আৰু শালবাৰী মহকুমাৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিনিধি সভাত আক্ৰাছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ৰ তত্ত্বাৱধানত নবীন বৰ্মনক সভাপতি, অৰ্জুন দাস আৰু দীনবন্ধু বৰ্মনক উপ-সভাপতি, গোকুল ৰায়ক সাধাৰণ সম্পাদক, ধনঞ্জয় বৰ্মনক সহঃ সম্পাদক, ৰাজু বৰ্মন আৰু নলকান্ত বৰ্মনক প্ৰচাৰ সম্পাদক, অনন্ত বৰ্মনক শিক্ষা আৰু সমাজ সেৱা সম্পাদক আৰু ইন্দ্ৰজীত ৰায়ক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ আক্ৰাছুৰ ৩১ জনীয়া বাগসা জিলা সমিতিখন গঠন কৰা হয় ৷

প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে কয় যে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি অসম চৰকাৰে কোচ ৰাজবংশীসকলক কণা হাঁহক পতান দিয়াৰ লেখীয়াহে কৰিলে, জাতিটোক আঁভূৱাহে ভাৰিলে চৰকাৰখনে । তেওঁ বিজেপি নেতৃত্ত্বাধীন মিত্ৰজোঁট চৰকাৰৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাৰ ইচ্ছা থাকিলে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি দেখুৱাওক বুলি আহ্বান জনায় । কাৰণ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দৰে নামমাত্ৰ স্বায়ত্ত শাসনে কোচ ৰাজবংশী জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সাধিব নোৱাৰে । কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যদি অসম চৰকাৰৰ তিলমানো দায়বদ্ধতা আছে তেতিয়াহ’লে আঁভূৱা নাভাৰি প্ৰথমে জনজাতিকৰণ কৰি তাক প্ৰতিপন্ন কৰক বুলি দাবী উত্থাপন কৰে ৷

প্ৰতিনিধি সভাত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধৰ্মেন্দ্ৰ বৰ্মন, হাউলী আঞ্চলিক সমিতিৰ উপদেষ্টা সুবোধ বৰ্মন, বৰপেটা জিলা আক্ৰাছুৰ সভাপতি অজয় বৰ্মনৰ লগতে কে’বাগৰাকী প্ৰাক্তন নেতা-কৰ্মী ৷

Exit mobile version