M. Venkaiah Naidu : গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। আজি বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় উপ-ৰাষ্ট্ৰপতিগৰাকী ।

বিমানবন্দৰতে উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, যোগেন মোহন, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বৰা, ৰঞ্জিত দাসসহ কেইবাগৰাকীও নেতাৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই।

বিমানবন্দৰৰ পৰা পোনে পোনে মহানগৰীৰ জিলা উপায়ুক্তৰ আৱাস গৃহ লৈ ৰাওনা হয় উপ–ৰাষ্ট্ৰপতিগৰাকী।

আজি গুৱাহাটীত কে’বাটাও কাৰ্যসূচীত অংশ লৈ সোমাবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা শ্বিলঙলৈ ৰাওনা হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী।

Exit mobile version