লালগোলাৰ পৰা লাডাখ, চাইকেল অভিযান ‘চাইকেলমেন’ জ’জ’ৰ

1633346335 summit1

চাইকেলেৰে ভ্ৰমণ কৰাই নিচা । সেয়ে এইবাৰ লক্ষ্য লাডাখলৈ । মুর্শিদাবাদৰ লালগোলাৰ পৰা চাইকেল চলাইয়ে লাডাখ পালে জ’জ’ কুমাৰে ।

লালগোলাত জ’জ’ ‘চাইকেলমেন’ নামে পৰিচিত । সম্প্রতি স্নাতক হৈছে । কিন্তু এতিয়াও কোনো জীৱিকা বাছি লোৱা নাই জ’জ’ই । চাইকেল চলাই ইয়াৰ আগতেও বহু অভিযানত গৈছে ২২ বছৰৰ জ’জ’ই । কিন্তু লাডাখৰ পথত এয়ে প্রথম !

২৩ আগষ্টত পুৱা লালগোলাৰ পৰা চাইকেলত ৰাওনা হয় জ’জ’ । ২৮ ছেপ্টেম্বৰত লেহ জিলাৰ খাৰদুং লা-ত উপস্থিত হয় । সম্প্ৰতি লাডাখত আছে । লাদাখ-অভিযানত অকলে ওলাই যদিও পথেত শিলিগুৰিৰ দুজন বাসিন্দাক সংগী হিচাপে পায় জ’জ’ই । লালগোলাৰ পৰা প্রায় তিনি হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰে । প্রবল শীত বা দুর্গম পথ — একোৱেই জ’জ’ৰ সংকল্পত বাধা হৈ থিয় দিব নোৱাৰে ।

জ’জ’ৰ এই অভিযানৰ আৰু লক্ষ্য আছে । তেওঁ কয়, ‘‘ভৱিষ্যৎ প্রজন্মক প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বার্তা দিয়া, পানীৰ অপচয় বন্ধ করৰা বা বৃক্ষৰোপণৰ বিষয়ে সচেতন কৰিবলৈয়ে মোৰ লাডাখ-অভিযান ।’’ খাৰদুং লাত উপস্থিত হোৱাৰ অনুভূতিতে এতিয়াও বিস্মিত জ’জ’ । তেওঁ কয়, ‘‘সমতলৰ পৰা ১৫ হেজাৰ তিনিশ ফুট ওপৰত পালোহি । ই এক বিস্ময়কৰ অনুভূতি !’’

Exit mobile version