শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰাক লৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰতিক্ৰিয়া

ভূপেন বৰা বা কংগ্ৰেছ দলে শ্বেৰমান আলীক বহিষ্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে : মন্ত্ৰী হাজৰীকা

BJP will win more than 30 seats in Tiwa Autonomous Council says Pijush Hazarika

“ভূপেন বৰা বা কংগ্ৰেছ দলে শ্বেৰমান আলীক বহিষ্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে”, বিতৰ্কিত মন্তব্য দি গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলে নিলম্বন কৰাৰ বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই আজি এইদৰে কয় । বিধায়ক শ্বেৰমান আলীয়ে ছহিদসকলক লৈ বিতৰ্কিত মন্তব্য কৰা বিষয়টোক অক্ষমণীয় অপৰাধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দলৰ পৰা বহিষ্কাৰ কৰাটোহে তেওঁৰ বাবে উপযুক্ত শাস্তি আছিল । কিন্তু বাগবৰ, জনীয়া অথবা বাংলাদেশী মূলৰ ভোটৰ মোহত কংগ্ৰেছ দল অথবা ভূপেন বৰাই বাংলাদেশী মূলৰ শ্বেৰমান আলীক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ সাহস নকৰি নিলম্বনহে কৰিছে ।

আনহাতে, কিছুদিনৰ আগতে শৰ্মা উপাধিৰ মানুহৰ বিৰুদ্ধে বুকুৰ চোলা খুলি দিয়া ভূপেন বৰাই এতিয়া আলী উপাধিৰ শ্বেৰমান আলীৰ বিৰুদ্ধে চোলা খোলাৰ সাহস গোটাব নোৱাৰিলে । ইয়াক কংগ্ৰেছ দলৰ অসমীয়াৰ প্ৰতি কৰা অসন্মান বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই । যি সময়ত শ্বেৰমান আলী নামৰ বিধায়কগৰাকীয়ে অসমৰ ছহিদসকলৰ বিৰুদ্ধে বেয়া ভাষাৰে সমালোচনা কৰিবলৈ কুন্ঠাবোধ নকৰে, ছহিদসকলক ডকাইট বুলি মন্তব্য কৰে, তেনে সময়ত ভূপেন বৰাই সেইজন শ্বেৰমান আলীক কঠোৰ শাস্তি প্ৰদান কৰিব নোৱাৰা কথাটোক মন্ত্ৰী হাজৰীকাই কঠোৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিয়ে ।

ইফালে, ভৱিষ্যতে যাতে কংগ্ৰেছ দল অথবা ভূপেন বৰাই অসমীয়াই বেয়া পোৱা কাম নকৰে তাৰ বাবেও তেওঁলোকক অনুৰোধ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

Exit mobile version