ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭০ শতাংশ অৰ্থাৎ ৯১ কোটিতকৈও অধিক লোকে কৰ’নাৰ প্ৰথম পালি টিকা লাভ কৰিছে বুলি জনালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবীয়াই ।কমেও ২৫ শতাংশ জনসংখ্যাক কৰ’নাৰ দুটা টিকা দিয়া হৈছে বুলিও জনাইছে মন্ত্রীগৰাকীয়ে।
সোমবাৰে এক টুইটযোগে মনসুখে কয়, ” শক্তিশালী দেশত দ্ৰুতগতিত টিকাকৰণ কৰা হৈছে। ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭০ শতাংশই প্ৰথম ভেকছিন লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অতিমাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতে মুখ্য ভূমিকা পালন কৰিছে। এনেদৰেই আমি কৰ’নাৰ বিৰুদ্ধে যুঁজিম। ‘
যোৱা ২৪ ঘণ্টাত ভাৰতত ২৩ লাখ ৪৬ হেজাৰ ১৭৬ জনক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰ ফলস্বৰূপে, সোমবাৰৰ পৰ্যন্ত মুঠ ৯১কোটি ২২লাখ ৬৬হেজাৰ ৬৬৭ ভেকচিন প্ৰদান কৰা হৈছে।
তাৰ ভিতৰত প্রথম টিকা গ্ৰহণ কৰিছে ৬৬ কোটি ২২লাখ ৬৬হেজাৰ ৬৬৭ জনে। দুটা পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ২৪ কোটি ৮৮লাখ ১৩হেজাৰ ৬৬২ জনে।
কেন্দ্ৰই জনাইছে, ভাৰতত টিকাকৰণ আৰম্ভ হোৱাৰ পৰা প্ৰতি মাহে গড় টিকাকৰণ বৃদ্ধি পাইছে। মে’মাহত ১৯ লাখ ৬৯ হেজাৰ,জুনত ৩৯ লাখ ৮৯হেজাৰ, জুলাইত ৪৩লাখ ৪১হেজাৰ আৰু আগষ্টত ৫৯ লাখ ১৯হেজাৰ গড়ত দেশখনত টিকাকৰণ হৈছে।
এতিয়াও ৰাজ্যসমূহৰ ওচৰত পাঁচ কোটি ৬৭লাখ ৩৭ হেজাৰ ৯০৫টা ভেকছিন আছে। তাৰ ফলত অনাগত দিনত টিকাকৰণত কোনো সমস্যাৰ নহ’ব বুলি জনাইছে কেন্দ্ৰই ।