বর্ধিত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লীয়ে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰিব ১৮ কোটি টকা। নেচনেল ক্লিন এয়াৰ প্ৰ’গ্রাম (এন চি এ পি)-এ প্রথমবাৰৰ বাবে দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই পুঁজিৰ যােগান ধৰিব।
ADVERTISEMENT
এন চি এ পিয়ে দেওবাৰে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ১৮.৭৪ কোটি টকাৰ পুঁজি যােগান ধৰা হ’ব।
উল্লেখ্য যে দেশৰ ৰাজধানী চহৰখনৰ প্ৰদূষণ বিগত কেইবছৰমানত যথেষ্ট বৃদ্ধি পাইছে। দিল্লী চৰকাৰে একাধিক পদক্ষেপ গ্রহণ কৰাৰ পাছতাে ৰাজধানী চহৰখনৰ প্ৰদূষণ নিয়ন্ত্রণ সম্ভৱ হৈ উঠা নাই।