ISSF : দুৰ্দান্ত মনুৰ সোণালী হেট্‌ট্ৰিক

1627543828 manu bhaker

পেৰুৰ ৰাজধানী লিমাত আয়োজিত আইএছএছএফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত তৃতীয় দিনত সফলতা ভাৰতীয় দলৰ । আজি যুটীয়া সোণৰ পদক লাভ মনু ভাকেৰৰ ।

শনিবাৰে নিশা সর্বজ্যোৎ সিঙৰ স’তে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড্ টিম ইভেন্টেত সোণ জয় কৰিলে মনুৱে । ইয়াৰ পাছতেই ৰিডম ছাংগোৱান আৰু শিখা নৰৱালৰ স’তে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় বিভাগতো তেওঁ সোণ জয় কৰে । তেওঁলোকে ১৬-১২ ব্যৱধানত পৰাজিত কৰে বেলাৰুছক । এই প্রতিযোগিতাত সোণ জয়ৰ হেট্‌ট্রিক হ’ল মনুৰ । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত ইভেন্টতো তেওঁ সোণ জয় কৰিছিল ।

পুৰুষৰ দলীয় ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত সোণ জয় কৰিছিল শ্রীকান্ত ধনুশ, ৰাজপ্রীত সিং আৰু পার্থ মাখিজাৰ ভাৰতীয় দলে । বেলাৰুছক ১৬-১৪ প‌ইন্টত হৰুৱাই পুৰুষৰ এয়াৰ পিষ্টল ইভেন্টত দলীয়ভাৱে সোণ জয় কৰিছে নবীন, সর্বজ্যোৎ আৰু শিবা নৰৱালৰে গঠিত ভাৰতীয় দলে । মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত দলীয়ভাৱে ৰূপ জয় কৰিছিল ভাৰতৰ জীয়ৰীয়ে । ইয়াৰ আগতে, শুকুৰবাৰে মহিলাৰ স্কিট ইভেন্টত ভাৰতীয় শুটাৰসকলে সোণ লাভ কৰিলেও ব্রঞ্জ লাভ কৰিছিল পুৰুষৰসকলে । সম্প্ৰতি পদক তালিকাত শীর্ষত আছে ভাৰত । ছটা সোণ, ছটা ৰূপ, দুটা ব্রঞ্জৰ পদক লাভ কৰিছে ভাৰতে ।

Exit mobile version