ওডালগুৰিত বনৰীয়া-গাহৰিৰ সন্ত্ৰাস, ছজন আহত

AFP 99Y976 1627885536076 1627885560376

বাগসা ওডালগুৰি জিলাৰ সীমান্তবৰ্ত্তী ধোপগুৰিত আজি এটা প্ৰকাণ্ড বনৰীয়া গাহৰীয়ে কে’বাখনো গাৱত চলাইছে সন্ত্ৰাস। বনৰীয়া গাহৰিটোৰ আক্ৰমণত আহত হ’ল ছজনকৈ লোক।

তথ্য অনুসৰি বাগসা জিলাৰ সীমান্তবৰ্ত্তী ওডালগুৰি জিলাৰ মখনাবাৰী, ধোপগুৰি শিমলীবাৰী আৰু ঔবাৰীৰ গাৱৰ লোক সকলে নিজৰ নিজৰ কৰ্ত্তব্যত ব্যস্ত হৈ আছিল।

স্থানীয় লোকৰ মতে,ঠিক সেই সময়তে বৰনদী অভাৰন্যৰ পৰা প্ৰায় ৯০ কিলোৰ ওজনৰ এটা প্ৰকাণ্ড বনৰীয়া গাহৰী ওলাই অহা প্ৰত্যক্ষ কৰে গাঁওৰে এজন লোকে।

গাহৰিটোক দেখিেয়ে লোকজনে প্ৰথমে গাহৰিটোক চোৱাৰ হেপাহ কৰি আগবাঢ়ি যাব খুজিছিল যদিও ওলোটাই গাহৰিটোৱেহে খেদি আহি লোকজনক আক্ৰমন কৰে।

লগে লগে অঞ্চলটোত এক হুৱা দূৱা লাগে। পাচত গাহৰিটোক ধৰিবলৈ ৰাইজে চেষ্টা চলাইছিল যদিও ওলোটাই পথলৈ ওলাই অহা ছয় জনকৈ লোকক আক্ৰমন কৰে আৰু চৌদিশে দৌৰিব ধৰে বনৰীয়া গাহৰিটো।

অৱশ্যে বনৰীয়া গাহৰিৰ সন্ত্ৰাসৰ কথা স্থানীয় লোকে বন বিভাগক লগে লগে অৱগত কৰিছিল যদিও এই প্ৰতিবেদন লিখালৈকে বাগসা আৰু ওডালগুৰি বন বিভাগৰ কৰ্মচাৰীয়ে কোনো ধৰনৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে।

বনৰীয়া গাহৰিটোৰ আক্ৰমনত আহত হোৱা ব্যক্তি সকল হ’ল চবেন বড়ো ( ৫৮ ) নবীন বড়ো (৩৪) ৰবিৰাম বড়ো( ৪০) বকুল বড়ো (৩২) ৰাজেন বড়ো( ৩২) মহেন বড়ো (২৫)। ইয়াৰে নৱীন বড়ো আৰু ৰবিৰাম বড়োৰ আঘাট গুৰুতৰ।

আটাইকেইজন আহত লোকক শুৱাগপুৰৰ যোগেন বসুমতাৰী সোৱৰণী ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।অৱশ্যে আটাইকেইজন লোক বৰ্তমান বিপদ মুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ জেষ্ঠ চিকিৎসক ডাঃ নৱ চক্ৰৱৰ্ত্তীয়ে।

উল্লেখ যোগ্য যে আহতৰ সংখ্যাৰ আৰু বৃদ্ধি পাব পাৰে বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Exit mobile version