Anil Ambani : বিদেশত ৯৬৪৭কোটি টকা বিনিয়োগ উদ্যোগপতিৰ : পেণ্ড’ৰা পেপাৰ্চ প্ৰতিবেদনত চাঞ্চল‍্যক তথ্য ফাদিল

নিজকে দেউলীয়া ঘোষণা কৰা অনিল আম্বানীৰ বিদেশত ১৮টা কোম্পানী

Anil Ambani Reliance

চীন চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত তিনিটা বেংকৰ স’তে বিবাদত লিপ্ত হােৱা অনিল আম্বানীয়ে ২০২০ ফেব্ৰুৱাৰীত লণ্ডনৰ এখন আদালতত দাবী কৰি কৈছিল যে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ শূন্য। কিন্তু নিজকে দেউলীয়া ঘােষণা কৰা কেইজন ভাৰতীয় উদ্যোগপতিৰ বিদেশত ১৮টা কোম্পানীত হেজাৰ হেজাৰ কোটি টকা বিনিয়ােগ কৰাৰ চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে।

অনিল আম্বানী আৰু তেওঁৰ সহযােগীৰ নিউ জার্চি, ব্রিটিছ ভার্জিন আইলেণ্ডছ (বি ভি আই) আৰু চাইপ্রাছত ১৮টা বিদেশী কোম্পানী আছে।

ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্রতিবেদনৰ তথ্য অনুসৰি, অনিল আম্বানীৰ এই গুপ্ত বিদেশী কোম্পানীৰ তথ্য পেণ্ড’ৰা পেপাৰ্ছৰ জৰিয়তে পােহৰলৈ আহিছে। ২০০৭ৰ পৰা ২০১০ সময়ছােৱাত স্থাপিত এই ১৮টা কোম্পানীৰ সাতটাই ঋণ গ্রহণ কৰিছিল আৰু কমেও ১.৩ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত ৯৬৪৭.৩ কোটি টকাৰ বিনিয়ােগ কৰিছিল।

পেণ্ড’ৰা পেপাছৰ তথ্য অনুসৰি ভাৰতীয় উদ্যোগপতি অনিল আম্বানীৰ নিউ জার্চিত আঠটা কোম্পানী আছে। একেদৰে ব্রিটিছ ভার্জিনআইলেণ্ডছত সাতটা কোম্পানী আম্বানী আৰু তেওঁৰ সহযােগীয়ে প্রতিষ্ঠা কৰিছিল।

আনহাতে, চাইপ্রাচত আম্বানী আৰু সহযােগীৰ আছে আন তিনিটা কোম্পানী। এইদৰে বিদেশত ভাৰতীয় দেউলীয়া উদ্যোগপতিজনে প্রতিষ্ঠা কৰিছিল মুঠ ১৮টা কোম্পানীক নিউ জার্চিত অনিল আম্বানীৰ নিজৰ নামতে আছে তিনিটাকৈ কোম্পানী। এই কোম্পানীকেইটা তেওঁ ২০০৭ৰ ডিচেম্বৰৰ পৰা ২০০৮ৰ জানুৱাৰীৰ ভিতৰত প্রতিষ্ঠা কৰিছিল। আন কোম্পানীকেইটাত আম্বানীৰ ব্যৱসায়িক সহযােগী আছিল।

উল্লেখ্য যে পেণ্ড’ৰা পেপাছে শেহতীয়াভাৱে বিশ্বৰ অগণন ধনাঢ্য ব্যক্তিৰ বিত্তীয় লেনদেন, বিনিয়ােগ, কৰফাকি আদিৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে। বিশ্বৰ ১১৭খন দেশৰ ৬০০ৰাে অধিক সাংবাদিক আৰু ১৪০ সংবাদ মাধ্যমে কে’বা মাহ ধৰি তদন্ত চলাই পেণ্ড’ৰা পেপাৰ্ছ প্রতিবেদন যুগুত কৰিছিল। বিবিচি আৰু গার্জিয়ান সংবাদপত্রই পেণ্ড’ৰা পেপাৰ্ছ তদন্তত নেতৃত্ব দিছিল।

Exit mobile version