Shehnaaz Gill : সিদ্ধাৰ্থৰ মৃত্যুৰ এমাহ পাছত জনসমক্ষত শ্বেহনাজ

gqhi7kr shehnaaz

প্ৰেমিক সিদ্ধার্থ শুক্লাৰ মৃত্যুৰ পাছত থমকি গৈছিল জীৱন । অন্তৰ্ধান হৈ গৈছিল শ্বেহনাজ গিল । সিদ্ধার্থৰ মৃত্যুৰ এমাহ পাৰ হ’ল । সময়ৰ স’তে স্বাভাৱিক হৈছে শ্বেহনাজো । কেইদিনমানৰ ভিতৰতে মুক্তি পাব তেওঁৰ নতুন ছবি ‘হৌচলা ৰখ’ । তাৰেই প্রচাৰত সাক্ষাৎকাৰত দেখা গ’ল শ্বেহনাজক । তেওঁৰ লগত আছিল সহ-অভিনেতা দিলজিৎ দ’ছাঝ আৰু পুনম বাজৱা ।

সেই সাক্ষাৎকাৰৰেই এটা সংক্ষিপ্ত দৃশ্য ইনষ্টাগ্রামত প’ষ্ট কৰিছে দিলজিতে । ছবিৰ এটা দৃশ্যকেই নতুনকৈ গঢ়ি লোৱা হৈছে ভিডিঅ’ টোত ।

শ্বেহনাজক হাঁহিমুখে দেখাতে অভ্যস্ত অনুৰাগীসকল । তেওঁক তেনে ধৰণেই ঘূৰাই পোৱাৰ অপেক্ষাত আছিল অনেকেই । দিলজিতৰ ভিডিঅ’টো দেখি উচ্চাকাংক্ষীত তেওঁলোক । ইতিমধ্যে সামাজিক মাধ্যমত শ্বেহনাজৰ বাবে শুভেচ্ছাৰ বান । ছবিৰ নাম ব্যৱহাৰ কৰিয়ে তেওঁক ঘূৰি অহাৰ বার্তা দিছে অনেকে । লিখিছে, ‘শ্বেহনাজ, হৌচলা ৰখ’।

ভৰসা ৰাখিছে শ্বেহনাজে । শোকৰ চাদৰ গোচাই লাহে লাহে আগবাঢ়িছে ‘বিগ বছ’-ৰ প্রাক্তন প্রতিযোগী ।

Exit mobile version