পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে ৰেল যাত্ৰাৰ ক্ষেত্ৰত আগন্তুক ছমাহলৈ বাহাল থাকিব ক’ভিড বিধি। এই কথা ঘােষণা কৰিলে ৰেল মন্ত্রণালয়ে।
ADVERTISEMENT
নিদের্শনাত উল্লেখ কৰা অনুসৰি, ৰেল যাত্ৰাৰ ক্ষেত্ৰত সকলাে যাত্রীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোনাে যাত্রীয়ে মাস্ক অবিহনে ৰেলত উঠিলে তেওঁক ৫০০ টকালৈকে জৰিমনা বিহা হ’ব।
কেৱল ৰেলতে নহয়, ৰেল ষ্টেচনৰ চৌহদৰ ভিতৰতাে সকলােৰে বাবে মাস্ক পৰিধান আগন্তুক ছমাহলৈ বাধ্যতামূলক কৰা হৈছে।






























