Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

 ন’বেল বঁটাৰ লক্ষ্য

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
October 11, 2021
in Opinion
Reading Time: 1 min read
0
 ন’বেল বঁটাৰ লক্ষ্য
1
SHARES
14
VIEWS
ShareShareShareShare

সদ্যঘােষিত চলিত বৰ্ষৰ সাহিত্য আৰু শান্তিৰ নবেল বঁটাই দুটা সাম্প্রতিক গুরুত্বপূর্ণ বিষয় বিশ্ববাসীৰ সন্মুখত তুলি ধৰিলে। বিগত সময়ছােৱাত শৰণাৰ্থীৰ সংকট আৰু বাক স্বাধীনতাত হস্তক্ষেপৰ বিষয় দুটা সমগ্র বিশ্বতে যথাযথভাৱেই যে চৰ্চিত হৈ আহিছে, তাকেই যেন এইবাৰৰ ন’বেল বঁটাই পুনৰ স্বীকৃতি প্রদান কৰিলে ।

ADVERTISEMENT

বৃহৎসংখ্যক লােকে ভগনীয়া হৈ স্বদেশৰ পৰা পলায়ন কৰা আৰু আন দেশৰ শৰণাৰ্থীক আশ্রয় প্রদান কৰিবলগীয়া হােৱা—বিশ্বৰ বহু দেশেই ইয়াৰ কোনাে এটা সমস্যাৰেই সন্মুখীন হৈছে। কেৱল উন্নত অথবা বিত্তশালী দেশেই যে শৰণাৰ্থীৰ বােজা বহন কৰিবলগীয়া হৈছে, সি নহয়। একেদৰেই বাক স্বাধীনতাৰ সুৰক্ষাক লৈও দিন যােৱাৰ লগে লগে অধিকসংখ্যক দেশৰ ক্ষমতাসীনসকল কাঠগড়াত উঠিবলগীয়া হৈছে।

RelatedPosts

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

Opinion : দেশ ধ্বংস কৰিলে কোনে ?

শিৰোনামত আকৌ ‘কা’

গণতন্ত্রৰ ধ্বজাবাহী বহু দেশেই সম্প্রতি নাগৰিকৰ বাক স্বাধীনতাত হস্তক্ষেপ অথবা স্বৈৰাচাৰিতাৰ অভিযােগত অভিযুক্ত হৈছে, য’ৰ পৰা দুর্ভাগ্যজনকভাৱে ভাৰতাে সাৰি যাব পৰা নাই। উভয় ক্ষেত্রতে নিজৰ কৰ্মৰ যােগেদি অবিৰত সংগ্রাম চলাই অহা তিনিগৰাকী ব্যক্তিক ন’বেল বঁটাৰ বাবে মনােনীত কৰি ইয়াৰ প্ৰাসংগিকতা প্রতিপন্ন কৰা হৈছে।

২০২১ৰ সাহিত্যিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে ইউ কে নিবাসী তাঞ্জেনিয়াৰ ঔপন্যাসিক আব্দুলৰেজাক গুনাহক। ‘ঔপনিবেশিকতাৰ অনুপ্রৱেশৰ বিৰুদ্ধে তেওঁৰ আপােচবিহীন সংগ্রাম আৰু সংস্কৃতি তথা মহাদেশীয় পৰিসৰত শৰণাৰ্থীসকলৰ কণ্ঠস্বৰক সাহসেৰে তুলি ধৰা বাবেই গুৰনাহক এই বঁটাৰ বাবে মনােনীত কৰা হৈছে বুলি ন’বেল কমিটীয়ে ঘােষণা কৰিছে।

নিজে এজন শৰণার্থী হােৱা হেতুকে তেওঁ উপন্যাসসমূহৰ বিভিন্ন পটভূমিৰ মাজেদি শিপা হেৰুওৱা লােকসকলৰ মর্মবেদনা নিৰন্তৰে প্ৰকাশ কৰি আহিছে। ১৯৪৮ত পূব আফ্রিকাৰ জাঞ্জিবাৰ দ্বীপত জন্মলাভ কৰা গুনৰাহে ১৯৬৮ত স্বদেশৰ পৰা পলায়ন কৰি ইংলণ্ডত শৰণাৰ্থীৰূপে আশ্রয় লয়। ১৯৬৩ৰ ডিচেম্বৰত শান্তিপূর্ণভাৱেই জাঞ্জিবাৰ ব্রিটিছ উপনিৱেশৰ পৰা মুক্ত হয় যদিও তাৰ পাছতে এক ৰক্তাক্ত অধ্যায়ৰ সূচনা হয়।

তাৰেই অংশৰূপে আৰৱ মূলৰ নাগৰিকসকলৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰু ধর্মীয় আতিশয্য আৰম্ভ হয়। এনে আতিশয্য আৰু গণহত্যাৰ পৰা প্রাণ ৰক্ষা কৰিবলৈ নৱগঠিত তাঞ্জেনিয়া গণৰাজ্যৰ পৰা বহু লােকেই পলায়ন কৰিবলৈ বাধ্য হয়, যাৰ ভিতৰত গুনৰাহ আৰু তেওঁৰ পৰিয়ালাে আছিল।

মাত্র ১৮ বছৰ বয়সতে এনেদৰে স্বদেশ হেৰুওৱাৰ বেদনা ভুগিবলগীয়া হােৱা গুনৰাহে ১৯৮৪ত পিতৃৰ মৃত্যুৰ মাত্র কিছুদিন আগলৈ জাঞ্জিবাৰত পুনৰ উপস্থিত হােৱাটো সম্ভৱ হৈ উঠা নাছিল। প্রথমে লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়নৰ পাছত তেওঁ কেন্ট বিশ্ববিদ্যালয়ৰ পৰা পি এইছ ডি ডিগ্রী অর্জন কৰিবলৈ সক্ষম হয়।

পৰৱর্তী পর্যায়ত এই কেন্ট বিশ্ববিদ্যালয়তে ইংৰাজী আৰু উত্তৰ ঔপনিবেশিক সাহিত্যৰ অধ্যাপকৰূপে নিয়ােজিত হােৱাৰ সমান্তৰালভাৱে এৰি অহা দেশ আৰু মানুহৰ স্মৃতি তথা সত্ত্বাৰ লগতে দেশচ্যুত মানুহৰ বেদনা তুলি ধৰাৰ লক্ষ্যৰে সাহিত্য সৃষ্টিত মনােনিৱেশ কৰে।

২১ বছৰ বয়সত ইংৰাজীতে তেওঁ লিখিবলৈ আৰম্ভ কৰে যদিও স্বহিলি আছিল তেওঁৰ মাতৃভাষা। প্রথম উপন্যাস ‘মেম’ৰি অৱ ডিপার্চাৰ’ ১৯৮৭ত প্ৰকাশৰ পাছত এই পর্যন্ত অন্তিম তেওঁৰ দশমখন উপন্যাস ‘আফটাৰলাইভছ’ প্রকাশিত হয় ২০২০ত। এই পর্যন্ত ১০ খন উপন্যাস আৰু এটি চুটিগল্প সংকলন প্রকাশ পাইছে। গুনৰাহৰ। তেওঁৰ উপন্যাসসমূহ প্রচলিত ধৰা-বন্ধাৰ বৰ্ণনা নহয়।

সত্য আৰু সৰলতাৰ প্ৰতি তেওঁ আপােচবিহীন। তেওঁৰ ৰচনাত বর্ণময় পূর্ব আফ্রিকাৰ অন্তহীন কাহিনী। সততে বিশ্বৰ দৃষ্টিৰ পৰা আঁতৰত থকা এক বৈচিত্র্যপূর্ণ সংস্কৃতিৰ অধিকাৰী পূব আফ্রিকাক গুনৰাহে নির্ভেজালভাৱে নতুন ৰূপত উদ্ভাসিত কৰি তুলিছে। গুনৰাহে তেওঁৰ এই ন’বেল বঁটা আফ্রিকা, আফ্রিকাৰ লােকসকল আৰু তেওঁৰ সকলাে পাঠকলৈ উছৰ্গা কৰিছে।

উল্লেখ্য যে ইয়াৰ পূর্বে ১৯৮৬ত আফ্রিকা মহাদেশৰ নাইজেৰিয়াৰ প্রসিদ্ধ লেখক নাট্যকাৰ ৱলে ছােয়িংকাই ন’বেল বঁটা লাভ কৰিছিল। সুদীর্ঘ প্রায় চাৰে তিনি দশকৰ পাছত আন এগৰাকী কৃষ্ণাংগ সাহিত্যিক এই সম্মানীয় বঁটাৰ বাবে মনােনীত হ’ল। তেওঁ এই বঁটাৰ বাবে মনােনীত হােৱাৰ পাছত শৰণার্থী সমস্যা আৰু উপনিৱেশৰ বিষয়ে অধিক চর্চা হ’ব বুলি গুনৰাহে আশা ব্যক্ত কৰিছে। ‘এইবােৰ এনে বিষয়, যি সদায়ে আমাৰ স’তে জড়িত হৈ আছে।

মানুহ মৰিয়েই আছে, পৃথিৱীজুৰি মানুহক যন্ত্রণা দি থকা হৈছে— গতিকে আমি সকলােৱে এইবােৰ বিষয় সংবেদনশীলতাৰে মােকাবিলা কৰিব লাগিব। গুনৰাহে লগতে এইদৰে কয়। সন্দেহ নাই যে ন’বেল ঘােষণা আৰু গুনৰাহৰ আহ্বানে শৰণার্থী সংকটক পুনৰ চৰ্চাৰ পাদপ্রদীপলৈ অনাৰ সম্ভাৱনা মুকলি কৰিলে।

এই কথা ঠিক যে এয়া কোনাে নতুন সমস্যা নহয়, কিন্তু ইয়াৰ গতি-প্রকৃতি শেহতীয়া সময়ছােৱাত যথেষ্ট জটিল হৈ পৰা পৰিলক্ষিত হৈছে। এই সম্পর্কতাে গুনৰাহে কৈছে, মই যেতিয়া ইংলণ্ডলৈ আহিছিলাে, তেতিয়া আশ্রয় বিচৰাৰ অৰ্থ আজিৰ দৰে নাছিল।

পূর্বতকৈ আজি বহুত বেছি সংখ্যক লােকে প্রাণৰক্ষাৰ বাবে যুঁজিব লগা হৈছে আৰু সন্ত্রাসবাদপীড়িত দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। তেওঁ লগতে আক্ষেপেৰে কৈছে যে আজিৰ পৃথিৱী ১৯৬০ দশকৰ তুলনাত বহুত বেছি হিংস্র। এনে পৰিপ্ৰেক্ষিতত যিবােৰ দেশ সুৰক্ষিত সেইবােৰৰ ওপৰত অধিক চাপ সৃষ্টি হৈছে; কিয়নাে অধিকসংখ্যক লােক তেওঁলােকৰ দেশলৈ ঢাপলি মেলিছে।

ৰাষ্ট্ৰসংঘৰ শৰণার্থী বিষয়ক উচ্চায়ুক্তৰ তথ্যই তেওঁৰ এই ভাষ্যকে প্রমাণ কৰে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০১৯ৰ জানুৱাৰী পর্যন্ত বিশ্বজুৰি প্রায় আঠ কোটি লােক ভগনীয়া হৈছে। এইসকলক বলপূর্বকভাৱে স্বগৃহৰ পৰা বিতাৰিত কৰা হৈছে। ২০১৬ত আনুমানিক ৩,৬২,০০০ শৰণাৰ্থীয়ে কেৱল ইউৰােপৰ দেশসমূহত আশ্রয় লাভৰ আশাৰে ভূমধ্যসাগৰ পাৰ হৈছে।

একে পথেদি পৰৱর্তী বৰ্ষত অর্থাৎ ২০১৭ৰ প্ৰথম ভাগলৈ লক্ষাধিক শৰণাৰ্থীয়ে ইউৰােপত প্ৰৱেশ কৰিছে। প্রতি বছৰে এইদৰে লক্ষ লক্ষ লােকে ভূমধ্যসাগৰ পাৰ হ’বলৈ অতিশয় বিপদসংকুল আৰু চূড়ান্ত অনিশ্চয়তাৰে ভৰা যাত্ৰাত ওলাই পৰিছে। তাৰে সহস্রাধিকে সাগৰৰ পানীত ডুবি অকাল মৃত্যুক সাবটি লৈছে।

পৃথিৱীৰ প্ৰতিটো প্রান্ততে এনেদৰে শৰণার্থী তথা প্ৰব্ৰজনকাৰীৰ আগমন অব্যাহত আছে। স্বাধীনতাৰ সময়ৰে পৰা ভাৰতেও শৰণাৰ্থীৰ বােজা বহন কৰি আহিবলগীয়া হৈছে। প্রতিবেশী ৰাষ্ট্ৰত ধর্মীয় আতিশয্যৰ বলি হােৱাসকলক দেশত আশ্রয় প্রদানৰ উদ্দেশ্যে ভাৰত চৰকাৰে আনকি নাগৰিকত্ব আইনৰেই সংশােধনী কৰিছে।

একেদৰেই দীর্ঘদিনে ভাৰতলৈ অনুপ্রৱেশ কৰি অহা বাংলাদেশেও আনকি বিগত কে’বা বছৰ ধৰি লক্ষ লক্ষ ৰােহিংগা শৰণাৰ্থীক আশ্রয়দান কৰিবলৈ বাধ্য হৈছে। ম্যানমাৰত ধর্মীয় আতিশয্যৰ বলি হৈ পলায়ন কৰা এইসকল লােকক মানৱীয়তাৰ খাতিৰতে বাংলাদেশ চৰকাৰে আশ্রয় দিছে।

গতিকে এই সমস্যাৰ পৰা মুক্ত হ’ব পৰা নাই বহু দেশেই। যুদ্ধ, গৃহযুদ্ধ, মানবাধিকাৰ হৰণ, পৰিৱেশ তথা জলবায়ুৰ পৰিৱৰ্তনৰ লগতে আর্থিক সংকট শৰণার্থী সমস্যা সৃষ্টিৰ মূল কাৰণৰূপে চিহ্নিত হৈ আহিছে। ২০১৫ত প্রকাশিত ৰাষ্ট্ৰসংঘৰ শৰণার্থী শাখাৰ তথ্য অনুসৰি যুদ্ধ আৰু ধর্মীয় আতিশয্যই শৰণার্থী সংকটৰ প্ৰধান কাৰণ।

এদশক পূর্বে প্রতি মিনিটত ছজনকৈ লােকক স্বগৃহ ত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল; কিন্তু ২০১৫ত যুদ্ধই প্রতি মিনিটত ২৪ জনকৈ লােকক গৃহহীন কৰে। লক্ষ্যণীয় যে কেৱল পৰিৱেশ তথা জলবায়ুৰ পৰিৱর্তনৰ বিৰূপ প্ৰভাৱতে প্রায় আঢ়ৈ কোটি লােক শৰণার্থী হ’বলগীয়া হৈছে।

ৰাষ্ট্ৰসংঘৰ আগজাননী অনুসৰি আগন্তুক কেইটামান দশকত ২০ কোটিৰ পৰা এশ কোটি পর্যন্ত লােক জলবায়ু পৰিৱর্তনৰ দ্বাৰা প্ৰভাৱিত হৈ স্বভূমি এৰিবলৈ বাধ্য হ’ব। জীৱন-জীৱিকা এনে ভয়াৱহভাৱে ক্ষতিগ্রস্ত হ’ব যে এই বৃহৎসংখ্যক লােক শৰণার্থী হােৱাৰ বাদে গত্যন্তৰ নাথাকিব।

বহু সময়ত বহু লােকে আন দেশলৈ নগৈ নিজ দেশৰে সুৰক্ষিত অনুভৱ কৰা স্থানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে; কাৰণ যিয়েই নহওক, এই শৰণাৰ্থীসকলে সুৰক্ষিত স্থানলৈ যাত্রাপথতাে নানা ধৰণৰ আতিশয্যৰ বলি হ’বলগীয়া হৈছে। মহিলা-শিশুসকল যৌন আতিশয্যৰ বলি হৈছে।

আনকি বহু ক্ষেত্ৰত শৰণাৰ্থীসকলক এক ধৰণৰ অস্ত্ৰৰূপেও ব্যৱহাৰ কৰা হৈছে শত্রু দেশ অথবা প্রতিদ্বন্দ্বী ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে।ইয়াৰ সমান্তৰালভাৱে শৰণার্থী সংকটৰ সমস্যাসমূহ সমাধানৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন পর্যায়ত প্রচেষ্টা নচলাকৈ থকা নাই।

কিন্তু কেতবােৰ বিষয় আছে, যিবােৰ আনৰ মধ্যস্থতাত সমাধান সম্ভৱ নহয়। তথাপি যুদ্ধ তথা যুদ্ধসদৃশ পৰিৱেশ হ্রাস কৰাৰ বাবে ৰাষ্ট্ৰসংঘই সক্রিয় ভূমিকা পালন কৰি আহিছে। তেনেদৰেই উন্নত দেশসমূহে নিজাববীয়াকৈ এই ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিছে, যাতে অধিকসংখ্যক শৰণাৰ্থীক দেশত স্থান দিবলগীয়া নহয়।

উদাহৰণ স্বৰূপে ইউৰােপীয় ইউনিয়নে আফ্রিকা আৰু ছিৰিয়াৰ শৰণাৰ্থীৰ বাবে শিবিৰ স্থাপনকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে জার্মানীয়ে আফ্রিকাৰ পৰা শৰণার্থী হ্ৰাসৰ উদ্দেশ্যে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিছে।

এই পুঁজি প্ৰদানৰ জৰিয়তে আফ্রিকাৰ দেশসমূহৰ বাণিজ্য বৃদ্ধিৰ উপৰি উৎপাদন আৰু নিয়ােগ সৃষ্টিৰ পথ মুকলি কৰা হৈছে, যাতে নাগৰিকসকলৰ আর্থিক সূচলতা বৃদ্ধি পায়। ইয়াৰ জৰিয়তে প্ৰব্ৰজন হ্ৰসৰ চেষ্টা চলােৱা হৈছে; কিন্তু এনেবােৰ প্রচেষ্টা ছেগা-চোৰােকাকৈহে চলি আছে।

তদুপৰি সাম্প্রতিক পৰিস্থিতিত অধিকাংশ দেশেই বিভিন্ন সমস্যাত জুৰুলা। গতিকে শৰণাৰ্থীৰ সমস্যাটোৰ সমাধানৰ দিশে সামগ্রিক প্রচেষ্টা প্রয়ােগ কৰা পৰিলক্ষিত হােৱা নাই। ফলত ইয়েই সমস্যাটোক সংকটৰ দিশলৈ ঠেলি নিছে আৰু দিনে দিনে ই জটিল হৈ গৈ আছে।

গুনৰাহৰ প্ৰসংগই ইয়াৰ প্ৰতি নতুনকৈ দৃষ্টি দিবলৈ আন্তর্জাতিক সম্প্রদায়ক প্রেৰিত কৰিব বুলি আশা কৰিব পাৰি। আনহাতে, চলিত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে দুগৰাকী দুর্দান্ত সাহসী সাংবাদিকলৈ। বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ সম্পূর্ণ স্বাধীনতা ৰক্ষাৰ হকে দীর্ঘদিন ধৰি সাংবাদিকতাৰ মাজেৰে চলাই অহা সংগ্ৰামলৈ স্বীকৃতি প্রদান কৰিয়ে ফিলিপাইন্সৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ ডিমিট্রী মূৰাট’ভক যুটীয়াভাৱে এই বঁটাৰ বাবে মনােনীত কৰা হৈছে।

ন’বেল কমিটীয়ে এই সংক্রান্তত কৈছে, ‘গণতন্ত্র আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ক্ৰমাৎ প্রতিকুল পৰিস্থিতিৰ সন্মুখীন হােৱা বিশ্বত এই স্বাধীনতা অক্ষুন্ন ৰখাৰ পক্ষত থিয় দিয়া সকলাে সাংবাদিকৰে তেওঁলােক প্রতিনিধি। ইয়াৰ লগে লগে সাম্প্রতিক সময়ছােৱাত যে বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ভাবুকিৰ সন্মুখীন হৈছে সেয়া পুনৰবাৰ সোঁৱৰাই দিয়া হ’ল।

আনকি বহু গণতান্ত্রিক দেশতাে বা স্বাধীনতা ৰক্ষাৰ বাবে যুঁজ দিবলগীয়া হৈছে। চৰকাৰ আৰু অন্যান্য শক্তিৰ বিৰুদ্ধে সত্য দাঙি ধৰিবলৈ গৈ দেশে দেশে বহু সাংবাদিকে প্রাণ বলিদান দিবলগীয়া হৈছে। বিশেষ ৰাজনৈতিক মতবাদ, নিষিদ্ধ বেহা অথবা ধর্মীয় আদৰ্শৰ ভিত্তিত ক্ষমতাধিষ্ঠিত হােৱা বিশ্বৰ বহু দেশৰ চৰকাৰ কোনাে ধৰণৰ সমালােচনাৰ সন্মুখীন হ’বলৈ মুঠেই সহিষ্ণু নহয়।

শক্তি প্রয়ােগ কৰি হ’লেও নিজৰ স্বাৰ্থৰক্ষা কৰিবলৈ গৈ নাগৰিকৰ বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খর্ব কৰা হৈছে। এইবাৰৰ শান্তিৰ নবেল বঁটাই এই দিশতাে অধিক চৰ্চাৰ বাট মুকলি কৰি দিলে। লগতে সেই ক্ষমতাশালীসকলৰ চকু মােকলাই দিয়াৰ সুযােগাে আনি দিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d