Terrorist:ভুৱা পৰিচয় দি বিগত ১৫বছৰ ধৰি দিল্লীত লুকাই আছিল পাকিস্তানী উগ্ৰপন্থী

1634030364 delhi terror

ভুৱা পৰিচয় দি দিল্লীৰ উপকণ্ঠত বিগত ১৫বছৰ ধৰি লুকাই আছিল পাকিস্তানী উগ্ৰপন্থী । ৰাজধানীত আছিল ডাঙৰ আক্ৰমণৰ পৰিকল্পনা ।

কিন্তু ইয়াৰ পূৰ্বে সোমবাৰে মহম্মদ আৰ্ছাফ আলী নামৰ উগ্ৰপন্থীজনক আৰক্ষীয়ে ধৰা পেলায়। তেওঁৰ পৰা একে-৪৭, হেণ্ড গ্ৰেনেডকে ধৰি বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

আলীয়ে যোৱা ১৫ বছৰ ধৰি পূব দিল্লীৰ লক্ষ্মীনগৰত ভুৱা পৰিচয়ৰ অধীনত লুকাই আছিল। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাসিন্দা আছিল।

আলীয়ে নিজকে অঞ্চলটোত ‘আলি আহমেদ নুৰী’ বুলি পৰিচয় দি আহিছিল । তেওঁ সেই নামেৰে পৰিচয় পত্ৰ আৰু কে’বাটাও ভুৱা নথিপত্ৰও প্ৰস্তুত কৰিছিল।

এজন আৰক্ষী বিষয়াই কয়, “গোপন সূত্ৰৰ জৰিয়তে লক্ষ্মীনগৰত এজন উগ্ৰপন্থী আত্মগোপন কৰি আছে। আৰক্ষীয়ে তথ্য পোৱাৰ পাছত সোমবাৰে নিশা প্ৰায় ১০ বজাত অঞ্চলটোত অভিযান চলাইছিল।

উগ্ৰপন্থীজনৰ পৰা একে-৪৭, গ্ৰেনেডসহ বৃহৎ সংখ্যক অস্ত্ৰ উদ্ধাৰ কৰা হয়। ৰাজধানীত এটা ডাঙৰ আক্ৰমণৰ ষড়যন্ত্ৰ আছিল বুলি অনুমান কৰা হৈছে। “

দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত নীৰজ ঠাকুৰে জনাইছে ,গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীসকলক জেৰা কৰা হয় আৰু কালিন্দী কুঞ্জ আৰু তুৰ্কমেন গেটৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। লগতে কে’বাটাও ভুৱা নথিপত্ৰ, পৰিচয় পত্ৰ আৰু পাছপোৰ্ট উদ্ধাৰ কৰা হৈছে।

ঘটনাক্ৰমে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) মঙলবাৰেহে কাশ্মীৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ চাৰিওফালৰ ১৮ টা ঠাইত উগ্ৰপন্থীৰ সন্ধানত অভিযান চলায়।

যোৱা ছেপ্টেম্বৰমাহত দিল্লী আৰক্ষীয়ে দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত অভিযান চলাই ছয়জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল। উৎসৱৰ বতৰত দিল্লীকে ধৰি কে’বাটাও ঠাইত তেওঁলোকৰ ডাঙৰ ধ্বংসৰ পৰিকল্পনা আছিল।

Exit mobile version