Indian Football : চিনা টাইপেক পৰাজিত কৰি পুনৰ চমক ভাৰতীয় মহিলা ফুটবল দলৰ

87000515

ভাৰতীয় মহিলা ফুটবল দলৰ চমক অব্যাহত । আন্তর্জাতিক ফ্রেণ্ডলী মেচত কিছুদিন পূৰ্বেই বাহৰিনক ৫-০ ৰে চূর্ণ কৰাৰ পাছত এবাৰ ফিফা ক্রমপর্যায়ত আগুৱাই থকা চিনা টাইপেই-ক পৰাস্ত কৰিলে ভাৰতৰ মহিলাসকলে । মেচৰ ফল ভাৰতৰ পক্ষে ১-০ । প্রথমার্ধৰ তিনি মিনিটত মেচৰ একমাত্র গোল কৰে ৰেণুৱে ।

 

মহিলাৰ ফিফা ক্রমপর্যায়ত ভাৰত ৫৭ নম্বৰত আছে । চিনা টাইপেই ৪০ নম্বৰত । ফলত এই জয় তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে ভাৰতীয় মহিলা দলৰ কোচ থমাছ দেনাৰবিয়ে । তেওঁ কয়, ‍‘‍‘চিনimৰ বিৰুদ্ধে আমাৰ মেচ কঠিন পৰীক্ষা আছিল । কাৰণ, তেওঁলোক বেছ আক্রমণাত্মক ফুটবল খেলিবলৈ অভ্যস্ত । ইয়াৰ উপৰি ফিফা ক্রমপর্যায়ত আমাতকৈ আগবাঢ়িও আছে । সেয়ে এই জয়ে মহিলাসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত উৎসাহ দিব ।’’

 

দেনাৰবিৰ প্রশিক্ষণত এই লৈ চতুর্থ মেচ খেলিলে ভাৰতে । ইয়াৰ ভিতৰত তিনটা মেচতেই জয় লাভ কৰিছে দলে । চাৰিটা মেচতে ভাৰতে ১০টা গোল কৰিছে । মাত্র দুটা গোল খাইছে ।

Exit mobile version