আইআৰচিটিচিৰ মাধ্যমেদি কৰিব পৰা হ’ব বাছৰ টিকটৰো বুকিং

956195 irctc

ভাৰতীয় ৰেল বিভাগৰ সহায়ক সংস্থা ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কপ’ছেন চমুকৈ আইআৰচিটিচিৰ মাধ্যমেদি এতিয়া আপুনি কেৱল ৰেলৰ টিকটেই নহয়, বাছৰ টিকটো বুক কৰিব পাৰিব। যাত্রীসকলে আইআটিচিৰ ৰেল কানেক্ট এপৰ জৰিয়তে দেশৰ যিকোনাে চহৰৰ বাবে বাছৰ টিকট সহজে বুকিং কৰিব পাৰিব।

ইয়াৰ বাবে যাত্রীসকলৰ পৰা কোনাে অতিৰিক্ত মাচুলাে নহয় বুলি শেহতীয়াকৈ ঘােষণা কৰিছে ৰেল বিভাগৰ সহায়ক সংস্থাটোৱে। ইতিমধ্যে পৰীক্ষামূলকভাৱে কে’বাটাও স্থানত এই নতুন সেৱা আৰম্ভ কৰা হৈছে বুলি জনাইছে আইআৰচিটিচিয়ে।

বাছৰ টিকট অনলাইনযােগে সহজলভ্য কৰাৰ বাবে সমগ্র দেশৰ প্রায় ৫০ হেজাৰ বাছ অপাৰেটৰক আইআৰচিটিচিৰ স’তে সংযুক্ত কৰা হৈছে। স্মৰ্তব্য যে ইমান দিনে আইআৰচিটিচিৰ জৰিয়তে কেৱল ৰেল আৰু বিমানৰ টিকট বুক কৰিব পাৰিছিল যাত্ৰীয়ে।যাত্ৰীসকলক ‘লাষ্ট মাইল কানেক্টিভিটি’ৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখিয়ে আইআৰচিটিচিয়ে এতিয়া এই বিশেষ সেৱা আৰম্ভ কৰিছে ।

অৰ্থাৎ, যাত্ৰীসকলক বিমান আৰু ৰেলযোগে ভ্ৰমণ কৰাৰ পাছত তেওঁলোকৰ অন্তিম গন্তব্য স্থানত উপনীত হ’বলৈ বাছৰ টিকটো সহজতে বুক কৰাৰ সুযোগ দিছে সংস্থাটোৱে।দেশৰ মুঠ ২২খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাছ অপাৰেটৰে ইয়াত যোগদান কৰিছে।

এই বাছ অপাৰেটৰসকলৰ ভিতৰত আছে ব্যক্তিগত অপাৰেটৰ আৰু ৰাজ্য চৰকাৰৰ বেছো।আইআৰচিটিচিয়ে কয় যে বিগত কেইমাহমান ধৰি চলি থকা পৰীক্ষণৰ সময়তে প্ৰায় দুহেজাৰ পাঁচশ যাত্ৰীয়ে প্ৰতিদিনে আইআৰচিটিচিয়ে ৰেল সংযোগ এ’পৰ জৰিয়তে বাছৰ টিকট বুক কৰিছে।পৰীক্ষা সফল হোৱাৰ অন্তত যোৱা সপ্তাহৰ আৰম্ভণিৰে পৰা এই সেৱা মুকলি কৰি দিয়া হৈছে সমগ্ৰ দেশৰ ভ্ৰমণকাৰী যাত্ৰীৰ বাবে।

Exit mobile version