BTR : বাগসাৰ খাৰিজা বিজনীত সাত জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব এবছুৰ বাৰ্ষিক অধিবেশন

মইনামাতাৰ হেলচিগুৰিত মুখ্য কাৰ্যালয় উদ্বোধন

WhatsApp Image 2021 10 17 at 7.02.37 PM

বাগসা জিলা এবছুৰ বাৰ্ষিক অধিবেশন উপলক্ষে মইনামাতাৰ হেলচিগুৰীত আজি মুখ্য কাৰ্যালয় এটাৰ শুভ উদ্বোধন কৰে এবছু নেতৃত্বই ৷ বাগসাৰ খাৰিজা বিজনী এবছুৰ উদ্যোগত অহা সাত, আঠ আৰু ন জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বাগসা জিলা এবছুৰ বাৰ্ষিক অধিবেশন ৷ সেই উপলক্ষে আজি খাৰিজা বিজনীৰ মইনামাতাৰ হেলচিগুৰীত বাগসা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৰঙা ফিটা কাটি অধিবেশনৰ কাৰ্যালয় মুকলি কৰাৰ লগতে অধিবেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে ৷

আজি কাৰ্যালয় মুকলি কৰাৰ লগতে এখন দলীয় আলোচনা চক্ৰও অনুষ্ঠিত হয় ৷ উল্লেখ্য যে সভাখনত ইউপিপিএলৰ জ্যেষ্ঠ নেতা যোগেশ্বৰ বসুমতাৰীৰ লগতে এবছু আৰু ইউপিপিএলৰ বহুসংখ্যক কৰ্মী উপস্থিত থাকে ।

Exit mobile version