এআইইউএফৰ পঞ্চায়ত সভাপতিসহ দুই শতাধিকৰ বিজেপিত যোগদান

এইবাৰৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো বিৰোধীয়েই নাই, ফনীয়ে বেটাৰমেন দিব : ভবেশ কলিতা

WhatsApp Image 2021 10 18 at 6.57.12 PM

“অসমৰ এইবাৰৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো বিৰোধীয়েই নাই । কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ ভূমিকা অতি দুৰ্বল । শক্তিহীন হৈ পৰিছে বিৰোধী শক্তি । ফুটবল খেলত বিৰোধী পাৰ্টি নাহিলে কমিটীৰ লগত খেলখন খেলাৰ দৰে হৈছে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনী খেলখন ।” আজি ভৱানীপুৰৰ সমষ্টিৰ গলিয়াত অনুষ্ঠিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ হৈ অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এইদৰে বিৰোধীক তাচ্ছিল্য কৰে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই তেওঁৰ ভাষণত ।

কলিতাই তেওঁৰ ভাষণত অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত আটাইবোৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ গৌৰৱময় বিজয়ী হ’ব বুলিও সদম্ভেৰে দাবী কৰে । সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয়, “যোৱাবাৰ নিৰ্বাচনত মই জয়ী হৈছিলো যদিও ফলাফল সন্তোষজনক নাছিল । পৰীক্ষাৰ ফলাফল সন্তোষজনক নহ’লে কৃতী পৰীক্ষাৰ্থীয়ে বেটাৰমেন দিয়াৰ দৰে মোৰ বাবে এইবাৰৰ উপ নিৰ্বাচন বেটাৰমেনৰ দৰে ।”

কংগ্ৰেছক চোকা সমালোচনা কৰি প্ৰাৰ্থী ফনীধৰ তালুকদাৰে কয়, “২০১১ৰ পৰা প্ৰতিটো বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱাইছে । এইবাৰো হেৰুওৱাটো নিশ্চিত । কংগ্ৰেছ দলে ভৱানীপুৰত এইবাৰৰ উপ নিৰ্বাচনত আমানতৰ ধনখিনি কিদৰে ঘূৰাই পায় তাৰেই চেষ্টা কৰি নিৰ্বাচন খেলক ।”

উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, প্ৰাৰ্থী ফনীধৰ তালুকদাৰক নিৰ্বাচনী সভাখনত সংগ দিয়াৰ লগতে সভাখনত ভাষণ দিয়ে ক্ৰমে – পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া,‌ বিজেপিৰ ৰাজ্যিক নেতা মনোজ বৰুৱা, ৰাতুল শৰ্মা, বিকুল ডেকাই । নিৰ্বাচনী সভাখনত এআইইউএফ দলৰ পৰা নিৰ্বাচিত গলিয়া গাঁও পঞ্চায়তৰ সভিপতি নুৰুল ইছলাম হাজৰিকাৰ লগতে ২০৭ গৰাকী এআইইউএফ দলৰ নেতা-কৰ্মীয়ে প্ৰাৰ্থী ফনীধৰ তালুকদাৰক সমৰ্থন জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

ভৱেশ কলিতাই প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ লগতে বিজেপিৰ নেতৃবৃন্দক লগত লৈ ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাধৱপুৰ, তাতিকুছি পাৰাবজাৰ, ধুমাৰপাথাৰ, মৈৰামভিঠা আৰু চাউলীয়াবৰীত পৃথকে পৃথকে অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি নিৰ্বাচনী প্ৰচাৰ চলায় ।

Exit mobile version