শিষ্য হত্যাকাণ্ডত দোষী সাব্যস্ত ডেৰা ছাচ্চা ছৌদা প্রধান গুৰমিত ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড দিলে হৰিয়ানাৰ পঞ্চকুলাৰ বিশেষ চিবিআই আদালতে । ২০০২ৰ এই গোচৰত দোষী সাব্যস্ত আন চাৰি অপৰাধীকো সোমবাৰে একেই শাস্তি শোনোৱা হৈছে ।
যাৱজ্জীৱন জেলৰ লগতে, চিবিআই আদালতে গুৰমিতক ৩১ লাখ আৰু তেওঁৰ সহ-অপৰাধীসকলক ৫০ হেজাৰ টকাকৈ জৰিমনা কৰিছে । প্রায় দুই দশকৰ পুৰণি এই গোচৰৰ ষষ্ঠ অভিযুক্তৰ কিছুদিন আগতে মৃত্যু হৈছে ।
ৰোহটকৰ ছুনাৰিয়া জেলত বন্দী ধর্মগুৰুক ভিডিঅ’ কনফাৰেন্স শুনানিতো হাজিৰ কৰোৱা হৈছিল । অশান্তিৰ শংকাত ৰোহটক, ছিৰছাসহ বিভিন্ন অঞ্চলত কঠোৰ আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল । উল্লেখ্য, ২০১৭ৰ আগষ্টত আশ্রমত দুই শিষ্যাক ধর্ষণ আৰু এজন সাংবাদিকৰ হত্যাৰ গোচৰত অপৰাধী গুৰমিতে এতিয়া ২০ বছৰৰ জেলৰ শাস্তি ভোগ কৰিছে ।
২০০২ৰ ১০ জুলাইত কুৰুক্ষেত্রৰ খানপুৰ কোলিয়া গ্রামত গুৰমিতৰ শিষ্য ৰণজিৎ সিঙৰ গুলিবিদ্ধ দেহ উদ্ধাৰ হৈছিল । গুৰমিতৰ বিৰুদ্ধে পিতৃক হত্যাৰ অভিযোগ জনায় ৰণজিতৰ পুত্ৰই । চিবিআই-ৰ দাবী, গুৰমিতে তেওঁৰ শিষ্যাসকলৰ ওপৰত যৌন নির্যাতন চলাইছিল । তেওঁ সন্দেহ কৰিছিল, এই খবৰ বাহিৰত যোৱাৰ কাৰণ ৰণজিৎ । সেয়ে তেওঁক হত্যা কৰোৱা হয় ।
বিগত পাঁচ অক্টোবৰত চিবিআই আদালতে গুৰমিতসহ পাঁচ অভিযুক্তক দোষী সাব্যস্ত কৰে । পাছত তদন্তকাৰী সংস্থা চিবিআই-য়ে ৰণজিৎ হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমিতৰ ফাঁচীৰ আবেদন কৰিছিল আদালতক । আনহাতে, গুৰমিতে তেওঁৰ নানা সমাজসেৱামূলক কামৰ কথা কৈ প্রাণভিক্ষাৰ আবেদন জনাইছিল ।