“বিজেপিৰ অতিকেন্দ্ৰীভূত ৰাজনৈতিক নীতিয়ে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন, প্ৰত্যাশা আৰু অধিকাৰক গুৰুত্বহীন কৰাই নহয়, দেশৰ সংঘীয় কাঠামোকো দুৰ্বল কৰি আনিছে ৷ সেয়ে ক্ৰমবৰ্দ্ধমান আঞ্চলিক বৈষম্য দূৰ কৰি দেশৰ যুক্তৰাষ্ট্ৰীয় সত্বাক শক্তিশালী কৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ’ব লাগিব ৷” এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷
আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে আয়োজন কৰা ‘আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভংগী’ শীৰ্ষক ৰাজনৈতিক সন্মিলনত ভাগ লৈ গগৈয়ে কয় যে দেশৰ অন্য প্ৰান্তৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশাতকৈ পৃথক ৷ সেয়ে দিল্লীৰ নিয়ন্ত্ৰণত চলা ৰাজনৈতিক দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মনৰ বেদনা উপলব্ধি কৰা সম্ভৱ নহয় যিটো সময়ে সময়ে প্ৰমাণ হৈ আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ তীব্ৰ বিৰোধ স্বত্বেও কেন্দ্ৰীয় চৰকাৰে ‘কা’ প্ৰৱৰ্তন কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ স্থানীয় জনগণৰ মতামতক উপেক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলত ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীৰ দ্বাৰা মাৰাত্মক পাম গছৰ খেতি কৰোৱাৰ সিদ্ধান্ত লোৱালৈকে সকলো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ স্থানীয় স্বাৰ্থক উপেক্ষা কৰাটো কাৰো অজানা নহয় ৷ অথচ আমি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰা ৰাজনৈতিক দলসমূহৰ মাজত সমন্বয় নথকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে নিজৰ নীতি আৰু সিদ্ধান্তসমূহ আমাৰ ওপৰত জাপি দিব পাৰিছে ৷ সেই কাৰণে আঞ্চলিক শক্তিসমূহৰ মাজত সমন্বয় আহ্বান ৷
এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত ৰাজনৈতিক সন্মিলনত ‘টিপ্ৰা’ৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্য দেববাৰ্মা, বিশিষ্ট সাংবাদিকত্ৰয় পেট্ৰিচিয়া মুখিম, সংগীতা বৰুৱা আৰু কৌশিক ডেকা, মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা তথা এন ডি পি পি দলৰ সাধাৰণ সম্পাদক আবু মেহতাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল, বৌদ্ধিক জগত আৰু সামাজিক সংগঠনৰ বহুকেইগৰাকী আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য আগবঢ়ায় ৷
টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্যই নিজৰ বক্তব্যত কয় যে বিজেপিৰ দৰে আগ্ৰাসী শক্তিক পৰাভূত কৰাটো অসম্ভৱ বুলি এটা ধাৰণা সংবাদ মাধ্যমৰ জৰিয়তে জনপ্ৰিয় কৰি তোলা হৈছে যিটো আচলতে সত্য নহয় ৷ ত্ৰিপুৰাত টিপ্ৰাই বিজেপিক পৰাজিত কৰি উদাহৰণ দেখুৱাই দিছে ৷ বিজেপিৰ দিন চমু চাপি আহিছে ৷ এতিয়া কেৱল বিজেপিৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলবাসী ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন ৷
মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমাই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ তীব্ৰ বিৰোধিতা কৰে ৷ তেওঁ কয় যে কেন্দ্ৰই যে উত্তৰ-পূবৰ জনসাধাৰণৰ মতামতক গুৰুত্ব নিদিয়ে, ই তাৰ প্ৰমাণ ৷ তেওঁ লগতে কয় যে যদিও তেওঁৰ দল বিজেপিৰ স’তে মিত্ৰতাত আছে, কিন্তু উত্তৰ-পূবৰ সামগ্ৰিক স্বাৰ্থৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই ৷ ‘কা’ সমৰ্থন নকৰি এন পি পি দলে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰা বুলি দাবী কৰে চাংমাই ৷
সাংবাদিক পেট্ৰিচিয়া মুখিমে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ থলুৱা জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাসমূহ প্ৰায় একেই ৷ কিন্তু অঞ্চলটোৰ ৰাজনৈতিক শক্তিসমূহ কোনোদিন একেখন মঞ্চত বহি আলোচনা কৰা নাই ৷ গতিকে এইবাৰ উত্তৰ-পূবৰ আঞ্চলিক শক্তিসমূহৰ এনেদৰে নীতিগত বিষয়ত আলোচনাৰ বাবে মিলিত হোৱাটো ভাল লক্ষণ ৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব লাগে ৷
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত কয় যে তেওঁৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক আলোচনাৰ এখন মঞ্চ প্ৰদান কৰিব খোজে ৷ আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান ওলাব ৷ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা উদ্ভাৱনৰ হকে তেওঁৰ চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰাৰ প্ৰসংগ উল্লেখ কৰি চাংমাই কয় যে ইনাৰ লাইন পাৰ্মিট বা বহিৰাগত পঞ্জীয়ন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিকল্প হ’ব পাৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্য সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁৰ দলে আলোচনা (ডাইলগ)ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি চাংমাই প্ৰকাশ কৰে ৷