পুৱাৰ আহাৰ কেতিয়া খাব লাগে — এই লৈ বিশেষজ্ঞসকলৰ মাজত মতভেদ হােৱা দেখা যায়। কিছুমানে সােনকালে আৰু কিছুমানে অলপ পলমকৈ খাবলৈ পৰামৰ্শ আগবঢ়ায়।
দৰাচলতে বিষয়টো কিছু পৰিমাণে নিজৰ ওপৰত নিৰ্ভৰ কৰে। পুৱাৰ আহাৰ খােৱাৰ বাবে সদায় এক নিদিষ্ট সময় বান্ধি ল’ব লাগে। সমান্তৰালভাৱে নিয়ন্ত্রণ কৰিব লাগিব পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ আগত অথবা পাছত কিমান সময়ৰ ব্যৱধান থাকিব।
শুই উঠিয়ে চাইকেল চলাওক অথবা জিমত কিমান সময় কটাব তাৰ সময় সঠিক কৰিব লাগিব। বেছিকৈ খাদ্য খালে অতিৰিক্ত কিমান সময় ব্যায়াম বা কাম কৰিব লাগিব তাৰ হিচাপ থকাটো বাঞ্ছনীয়।
পুৱাৰ আহাৰৰ তালিকাত কেনেধৰণৰ খাদ্য অন্তর্ভুক্ত কৰিব সেয়া গুৰুত্বপূর্ণ বিষয়। কাৰণ এইক্ষেত্ৰত কোনেও নির্দিষ্ট এখন তালিকা মানি চলিব নােৱাৰে। কিছুমানে যদি কেৱল ফল-মূল খায় আন কিছুমানে আকৌ কমী, মাখন আদি খায় তৃপ্তি লাভ কৰে।
গতিকে ব্যক্তিবিশেষে তালিকাখন ভিন্ন হােৱাটো স্বাভাৱিক। কিন্তু যিহকেই নাখাওক কিয় তালিকাখনত সুষম আহাৰহে অন্তর্ভুক্ত কৰিব লাগে। কাৰণ সুষম আহাৰ আৰু দিনটোত সম্পাদন কৰা কাৰ্যৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি।
কল, আপেল, কণী, ৰুটী, মাখন, তৰকাৰী আদি হ’ল সাধাৰণতে খােৱা পুৱাৰ আহাৰ। এইবােৰৰ ভিতৰত কিছুমান তিনিবিধপর্যন্ত ফল একেলগে খায়। পুৱাৰ আহাৰততা যদি মিহলি পাচলিৰ তৰকাৰী খায় তেতিয়াহ’লে কোনাে সমস্যাই নাই।
কাৰণ ইয়াত প্রয়ােজনীয় কার্বহাইড্রেট, ভিটামিন, বিভিন্নধৰণৰ খনিজ দ্রব্য একেলগে পােৱা যায়। গুৰুত্বপূর্ণ বিষয়টো হ’ল অত্যাধিক চর্বিযুক্ত আহাৰ গ্ৰহণ নকৰাটোহে। ধৰি লােৱা হ’ল এজন লােক উচ্চ ৰক্তচাপত আক্রান্ত।
এনে লােকে নিয়মীয়াকৈ পুৱাই ব্যায়াম কৰিলেও খাদ্য তালিকাত কণী, মাখন অথবা আন অত্যাধিক চর্বিযুক্ত আহাৰ খাব নালাগে।
কাৰণ পুৱাই এনেধৰণৰ আহাৰ খােৱাৰ ফলত দিনটোৰ বাবে অস্বস্তি লাগি থাকিব। তেজত কোলেষ্টৰেলৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পােৱাৰ উপৰি ধমনীত প্রতিবন্ধকতা সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পায়।