Terrorism in Kashmir : সন্ত্ৰাসবাদীৰ হাতত হত্যা, আতংকত কাশ্মীৰ এৰি পলায়ন কৰিছে হেজাৰ হেজাৰ প্ৰব্ৰজনকাৰী শ্রমিক

87a54a24 3023 11ec 8aaf 465442bda25d 1634588972532 1634589339043

শ্ৰীনগৰ বাছ ষ্টেণ্ডৰ ভিৰৰ ছবিটো কিছু পৃথক । তাত বাছৰ অপেক্ষাত থকা লোকসকলৰ চকু-মুখত আতংক । কোনো মতে কাশ্মীৰৰ পৰা ওলাই যাব পৰাৰ কাকুতি । সোমবাৰৰ পৰা এই ছবি দেখিবলৈ পোৱা গৈছে কাশ্মীৰৰ সকলো বাছ ষ্টেণ্ড আৰু জম্মু ৰেল ষ্টেচনত । হেজাৰ হেজাৰ প্ৰব্ৰজনকাৰী শ্রমিকে উপত্যকাৰ পৰা পলায়ন কৰিব বিচাৰিছে । জীৱিকা পাহৰি প্রাণ ৰক্ষা কৰিব বিচাৰিছে তেওঁলোকে ।

বিগত কিছুদিনত কাশ্মীৰত মুঠ ১১ জন সাধাৰণ মানুহক হত্যা কৰিছে সন্ত্ৰাসবাদীসকলে । ইয়াৰে পাঁচজন প্ৰব্ৰজনকাৰী শ্রমিক । নির্বিবাদে এই হত্যালীলাই তেওঁলোকৰ মনত সংশয়ৰ সৃষ্টি কৰিছে । নিৰাপত্তাৰক্ষীসকলে জনাইছে, তেওঁলোকে অন্য ৰাজ্যৰ পৰা অহা শ্রমিকসকলক সুৰক্ষাৰ আশ্বাস দিছে । কিন্তু শ্ৰমিকসকলে ৰাজ্য ত্যাগ কৰিবলৈ হেতা-ওপৰা লগাইছে ।

কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াই সংবাদ সংস্থা ৰয়টার্ছক জনায়, ‘‘আমি প্রায় এহেজাৰ প্ৰব্ৰজনকাৰী শ্রমিকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছো । তেওঁলোকৰ ঘৰলৈ উভতাৰ ব্যৱস্থা কৰা হৈছে ।’’ ইয়াৰ উপৰি, যিসমূহ অঞ্চলত সন্ত্ৰাসবাদীসকলে আক্ৰমণ চলাইছে সেইসমূহ ঠাইত তহলদাৰী বৃদ্ধি কৰা হৈছে । ঘৰে ঘৰে গৈ তালাচী চলোৱা হৈছে । ইয়াৰ পাছতো মানুহৰ মনৰ পৰা সংশয় আঁতৰা নাই ।

দেওবাৰে কুলগাম জিলাত এটা ভাড়া ঘৰত সোমাই বিহাৰৰ পৰা অহা দুই শ্রমিকক হত্যা কৰে সন্ত্ৰাসবাদীসকলে । এজন গুৰুতৰভাৱে আহত । বিগত ছবছৰ ধৰি কাশ্মীৰত আছিল বিহাৰৰ বাসিন্দা ৩২ বছৰীয়া মহম্মদ ছালাম । দেওবাৰৰ ঘটনাৰ পাছত তেঁৱো ঘৰমুৱা হ’ব বিচাৰিছে । সংবাদমাধ্যমক তেওঁ কয়, ‘‘আমি বহু বেয়া পৰিস্থিতি দেখেছো, কিন্তু কোনোদিন আমাক লক্ষ্য কৰা হোৱা নাছিল । এইবাৰ ভয় লাগিছে । এনেদৰে কিমান দিন বহি থাকিম । আমি নিজৰ ঘৰলৈ উভতিব বিচাৰো ।’’

পৰিস্থিতি তেওঁলোকৰ নিয়ন্ত্রণত আছে বুলিয়ে দাবী কৰিছে আৰক্ষী প্রশাসনে । সকলোকে কাশ্মীৰত থকাৰ অনুৰোধ কৰিছে বিষয়াসকলে । কিন্তু তাত যে ভিন্ন ৰাজ্যৰ পৰা অহা শ্রমিকসকল নিশ্চিন্ত হ’ব পৰা নাই, তাৰ প্রমাণ বাছ ষ্টেণ্ড, ৰেল ষ্টেচনত উপচি পৰা ভিৰ ।

Exit mobile version