UN : কৰ’নাই বিশ্বত ১২ কোটি লোকক কৰিলে দৰিদ্ৰ : সৰ্বাধিক প্ৰভাৱিত মহিলা

nationalherald 2020 02 908c1d24 7544 447b a71b 8ba5c233c318 714cc9326b4c54eb56da1128599a7588

বিশ্বজুৰি তাণ্ডৱৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এই বিশ্বত কমেও ১২ কোটি নাগৰিক দৰিদ্ৰত পৰিণত হ’ল । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই তথ্য প্ৰকাশ কৰি জনোৱা অনুসৰি, কৰ’নাৰ সংক্ৰমণৰ ফলত বিগত প্ৰায় দুবছৰত বিশ্বৰ বিভিন্ন দেশত বাস কৰা ১২ কোটিৰো অধিক লোক আৰ্থিক দিশত ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হ’ল । দেওবাৰে আন্তৰ্জাতিক দাৰিদ্ৰ মুক্তি দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে কয় যে শেহতীয়াভাৱে দৰিদ্ৰৰ সংখ্যাবৃদ্ধিৰ হাৰ যি দ্ৰুতভাৱে অগ্ৰসৰ হ’ল, পূৰ্বৰ দশকত এনে ঘটনা প্ৰত্যক্ষ হোৱা নাছিল ।

গুটৰেছে কয় যে কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বৰ সমাজ আৰু অৰ্থ ব্যৱস্থাক ধ্বংস কৰিলে আৰু এই মহামাৰীত সৰ্বাধিক প্ৰভাৱিত হ’ল দৰিদ্ৰ মহিলা । ইয়াৰ পৰিণতিতে আজি বিশ্বৰ ১২ কোটিৰো অধিক লোকে চৰম দাৰিদ্ৰৰ মাজত দিন অতিবাহিত কৰিবলগা হৈছে বুলি গুটৰেছে মন্তব্য কৰে ।

কৰ’নাই বিশ্ববাসীৰ মাজত আৰ্থিক বৈষম্যৰ পৰিমাণো যথেষ্ট বৃদ্ধি কৰিলে বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে মত প্ৰকাশ কৰে । সমগ্ৰ বিশ্ব‌ই দাৰিদ্ৰ দূৰীকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কৰ’নাই বিশ্ব অৰ্থনীতিত মাধমাৰ শোধাই প্ৰায়বোৰ দেশতে দৰিদ্ৰ লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিলে বুলিও গুটেৰেছে জানিবলৈ দিয়ে ।

Exit mobile version