চীনত সন্তানে অপৰাধ কৰিলে শাস্তি লাভ কৰিব অভিভাৱকে ,নতুন আইন যুগুত

China drafts law to punish parents for childrens bad behaviour 616fae3e49c00

চীনত এতিয়াৰে পৰা শিশু সন্তানে অপৰাধত লিপ্ত হলে ইয়াৰ বাবদ শাস্তিৰ সম্মুখীন হ’ব লাগিব অভিভাৱকে।অর্থাৎ কোনাে শিশু সন্তানে যদি আইন ভংগ কৰি অপৰাধ সংঘটিত কৰে,ইয়াৰ ফলত উক্ত সন্তানৰ পিতৃ-মাতৃয়ে শাস্তি লাভ কৰিব।

অচিৰে চীনৰ সংসদত এনে এখন বিধেয়ক দাখিল কৰা হ’ব। এই বিধেয়কখনত উল্লেখ কৰা অনুসৰি, যদিহে শিশু সন্তানে অভদ্র আচৰণ প্ৰদৰ্শন আৰু আইন ভংগ কৰে তেন্তে ইয়াৰ বাবদ সেই সন্তানৰ অভিভাৱকক শাস্তি বিহা হ’ব।

পাৰিবাৰিক শিক্ষা উৎসাহিত আইনৰ অধীনত শিশুৰ অপৰাধৰ বাবদ চীনত এইদৰে অভিভাৱকক দণ্ডিত কৰাৰ নিয়ম অচিৰে প্ৰৱর্তন হােৱাৰ সম্ভাৱনা আছে।

তদুপৰি অভিভাৱকৰ চোৱা-চিতাৰ পাছতাে সন্তানৰ ব্যৱহাৰ আৰু আচৰণ অসুস্থ হলে তেনে শিশুক পাৰিবাৰিক শিক্ষা নির্দেশনা কার্যসূচীত অংশ ল’বলৈ প্রেৰণ কৰা হ’ব।

নেচনেল পিপ’লছ কংগ্ৰেছৰ মুখপাত্র জাংগ টিৱেয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে শিশু আৰু কিশােৰৰ দুৰ্যৱহাৰ-অপৰাধৰ অন্যতম এক কাৰণ হৈছে। অভিভাৱকৰ সঠিক প্রতিপালনৰ অভাৱ আৰু সেয়েহে সন্তানে কোনাে অপৰাধ সংঘটিত কৰিলে অভিভাৱকক শাস্তি বিহাৰ যুক্তি আছে।

উল্লেখ্য যে চীনত শিশুক অনলাইন গেম খেলাৰ ক্ষেত্ৰতাে চৰকাৰে নিয়ম বান্ধি দিছিল। এই নিয়ম অনুসৰি, নাবালক শিশুৱে সপ্তাহৰ শুকুৰ, শনি আৰু দেওবাৰে মাত্র এঘণ্টাহে অনলাইন গেম খেলিব পাৰিব।

Exit mobile version